নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাৰৰ ভৰিত চিঠি বান্ধি দি জম্মু ষ্টেচন উৰুওৱাৰ ভাবুকি

🔹 পাকিস্তানৰ পৰা অহা পাৰ চৰাইৰ ভৰিত ভাবুকি ভৰা টোকা !

নিউজ ডেস্ক, ২২ আগষ্ট : পাৰ চৰাইৰ ভৰিত চিঠি বান্ধি দি জম্মু ষ্টেচন উৰুওৱাৰ ভাবুকি দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জম্মু–কাশ্মীৰৰ আৰএছ পুৰাৰ আন্তর্জাতিক সীমান্তৰ সমীপত বিএছএফে কৰায়ত্ত কৰা পাৰ চৰাই এটাৰ ভৰিত জম্মু ষ্টেচন উৰুৱাই দিয়াৰ ভাবুকি–পত্র লাভ কৰিছে৷

বিএছএছে প্রকাশ কৰা মতে, কালমাৰিয়া অঞ্চলত ১৮ আগষ্টৰ পুৱা ৯ বজাত পাৰটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ পাৰটোৰ ভৰিত উর্দু আৰু ইংৰাজীত লিখা ছিট এটা আছিল৷ এই ছিটটোত জম্মু–কাশ্মীৰ ষ্টেচন আইইডিৰে উৰুৱাই দিয়াৰ ভাবুকি আছে৷ কাশ্মীৰৰ স্বাধীনতা আৰু সময় আহি গৈছে বুলিও লিখা আছে ভাবুকি পত্রখনত৷ পাৰ চৰাইটো পাকিস্তানৰ পৰা অহা বুলি সন্দেহ কৰা হৈছে৷

You might also like