নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Batadrawa News : বিবাদৰ অৱসান, জিলা আয়ুক্তক সাধাৰণ সভা অনুষ্ঠিতৰ কৰ্তৃত্ব হাইকৰ্টৰ

Batadrawa News :  গুৱাহাটী উচ্চ ন্যায়ালয়ে ১১ আগষ্টত WP(C) No. 4271/2025, শ্ৰীশ্ৰীবটদ্ৰৱা থান পৰিচালনা সমিতি বনাম অসম চৰকাৰ আৰু অনান্য গোচৰৰ প্ৰসঙ্গত ৰায়দান কৰি জিলা আয়ুক্ত নগাঁৱক শ্ৰীশ্ৰীবটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সভাখন অনুষ্ঠিত কৰাৰ কৰ্তৃত্ব প্ৰদান কৰে।

সেই প্ৰসঙ্গত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অধিসূচনা নং এন.ডি.চি (ডি) ৪৮/২০২৫/১৩১, তাৰিখ- ২১/৮/২৫ যোগে ১২জন সদস্যৰে গঠিত এখনি সাময়িক পৰিচালন সমিতি গঠন কৰে। এই সমিতিখনে শ্ৰীশ্ৰীবটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সভাখন পবিত্ৰ ভাদমাহৰ অন্তত অনুষ্ঠিত কৰাৰ লগতে বিধিসন্মতভাৱে নতুন পৰিচালনা সমিতি গঠন কৰাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব।

আয়ুক্তই ভক্তসকলৰ সুবিধাৰ্থে শ্ৰীশ্ৰীবটদ্ৰৱা থানত পবিত্ৰ ভাদমাহৰ ৰীতি পালন কৰাৰ প্ৰসঙ্গত গুৱাহাটী উচ্চ ন্যায়ালয়ে উক্ত গোচৰত প্ৰদান কৰা হুকুম অনুসৰি তাৎক্ষনিকভাৱে কাৰ্যকৰী হোৱাকৈ ৫জন সদস্যৰে গঠিত এখনি উপসমিতিও গঠন কৰি দিয়ে। এই উপসমিতিখনে ভক্তসকলক শ্ৰীশ্ৰীবটদ্ৰৱা থানত পবিত্ৰ ভাদমাহৰ ৰীতি পালন কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।

Niyomiya Barta Desk, 22 August

You might also like