🔹 আমৰ চেপাত ৯জনৰ মৃত্যু, চিকিৎসাধীন ১০
নিউজ ডেস্ক, ১৪ জুলাই : অন্ধ্ৰপ্ৰদেশৰ অন্নমায়া জিলাত আমভৰ্তি এখন ট্রাক বাগৰি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দেওবাৰে নিশা এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। এই ঘটনাত ৯জন লোকৰ মৃত্যু হয়, যিসকলৰ ভিতৰত ৫গৰাকী মহিলাও আছে। লগতে ১০গৰাকী লোক গুৰুতৰভাৱে আহত হয়। শোকাৱহ এই ঘটনাত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে।
আৰক্ষীয়ে জনোৱা মতে, কাডাপা চহৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰৈত পুল্লামপেটা মণ্ডলৰ ৰেড্ডী চেৰুভু কাট্টাত এই দুৰ্ঘটনাটো সংঘটিত হয়। এই দুৰ্ঘটনাত চালকজনৰ কথমপি প্ৰাণৰক্ষা পৰে। চালকজনে জনোৱা মতে, তিৰুপতি জিলাৰ এসুকাপল্লি আৰু ওচৰৰ গাঁওবোৰৰ পৰা ২১জন শ্রমিকে আম সংগ্ৰহ কৰিবলৈ গৈছিল। তেওঁলোকে ট্ৰাক এখনত আম ভৰ্তি কৰি কোদুৰু বজাৰৰ দিশে আগবাঢ়িছিল। গোটেইকেইজন শ্রমিকে ট্রাকৰ ওপৰতে বহি যাত্ৰা কৰিছিল। যাত্ৰাপথত সন্মুখৰ পৰা অহা এখন গাড়ীৰ সৈতে সংঘৰ্ষৰ পৰা বাচিবলৈ চেষ্টা কৰোঁতে চালকে নিয়ন্ত্ৰণ হেৰুৱায়। ফলত ট্রাকখন বাগৰি পৰাত আমৰ দ’মৰ চেপাত পৰে শ্রমিকসকল। ঘটনাস্থলীতে ৮জন লোকৰ মৃত্যু ঘটাৰ লগতে ১১জন আহত হয়। আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত আন এজনৰ মৃত্যু ঘটে।
এই ঘটনাক লৈ অন্ধ্ৰপ্ৰদেশৰ পৰিবহণ মন্ত্ৰী মান্দিপল্লি ৰামপ্ৰসাদ ৰেড্ডীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। মৃতকৰ পৰিয়ালক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়া হৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়েও মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। আহতসকলৰ উন্নত চিকিৎসা আৰু মৃতকৰ পৰিয়ালক আৰ্থিক সহায়ৰো আশ্বাস দিয়ে।