নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দীপাৱলী

🔹 দীপান্বিতা–কালীপূজা উপলক্ষে মুখ্যমন্ত্রী-ৰাজ্যপালৰ শুভেচ্ছা

🔹 ভিন্নৰঙী আলোকেৰে আলোকিত হ’ব ৰাজ্য, পোহৰৰ উৎসৱক লৈ উছাহ

ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ নৱেম্বৰ : পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰিবলৈ সাজু হৈছে ৰাজ্যবাসী৷ অমানিশাৰ এন্ধাৰে আৱৰি থকা ৰাজ্যখন উজলি উঠিব উজ্জ্বল আলোকেৰে৷ অপশক্তিৰূপী এন্ধাৰক বিনাশ কৰি বিস্তাৰিত হৈ উঠিব আলোকৰ সাম্রাজ্য৷ মনৰ দুখ–হতাশাবোৰক আঁতৰাই আশাৰ ৰেঙনি যোগাব দীপাৱলীৰ আলোকোজ্জ্বল নিশাই৷ এয়া ৰাইজৰ আশা৷ হেঁপাহৰ দীপাৱলীক সেয়ে সুন্দৰ ৰূপত আদৰিবলৈ ৰাইজ ব্যস্ত হৈ পৰিছে৷ দীপাৱলীৰ লগতে আজি ৰাজ্যজুৰি অনুষ্ঠিত হ’ব শক্তিদাত্রী মা কালীৰ পূজা৷ আলোকৰ উৎসৱৰ সমান্তৰালকৈ মা কালীক পূজা–অর্চনাৰ বাবেও ৰাইজ সাজু হৈ উঠিছে৷ দেশজুৰি সৃষ্টি হোৱা বায়ু প্রদূষণজনিত সমস্যাৰ বাবে এইবাৰ চৰকাৰে উচ্চ প্রাবল্যৰ ফট্কা–আতচবাজীৰ পৰিৱর্তে সেউজ ফট্কা ব্যৱহাৰ কৰিবলৈ নির্দেশ দিছে৷ চৰকাৰী নির্দেশনাৰ প্রতি লক্ষ্য ৰাখি এইবাৰ ব্যৱসায়ীসকলেও সেউজ ফট্কাহে বিক্রী কৰিছে৷ গঢ়ি উঠিছে মহানগৰী গুৱাহাটীৰ গণেশগুৰি, ফাঁচীবজাৰ, মালিগাঁও, বেলতলা আদি অঞ্চলত বহু ফট্কা–আতচবাজীৰ অস্থায়ী দোকান৷ সেইবোৰত ফুলজাৰি, ফট্কাৰ পৰা আৰম্ভ কৰি ভিন্ন ধৰণৰ আতচবাজীৰ সমাহাৰ ঘটিছে৷ ন্যূনতম ১০ টকাৰ পৰা দহ হাজাৰ টকালৈকে ভিন্ন প্রকাৰৰ ফট্কা বিপণীসমূহত উপলব্ধ হৈছে৷ ইপিনে একাংশ ফট্কা বিক্রেতাৰ মতে, বজাৰত পূর্বৰ দৰে গ্রাহকৰ ভিৰ ঠিকেই আছে, কিন্তু সেই অনুসৰি ফট্কা বিক্রী হোৱা নাই৷ পূর্বতে ৰাইজে কমেও এহাজাৰ টকাৰ ফট্কা কিনিছিল৷ কিন্তু এইবাৰ সেয়া আধালৈ হ্রাস পাইছে৷ অৱশ্যে ফট্কা–আতচবাজীত ৰাইজৰ গুৰুত্ব কমিলেও মাটিৰ চাকি, বৈদ্যুতিক আলোকসজ্জা আদিৰ বিক্রী আশানুৰূপ হোৱা দেখা গ’ল৷ দীপাৱলী মানেই আলোকৰ উৎসৱ৷ গতিকে দীপাৱলীৰ দিনটোত নিজৰ ঘৰটোকে ভিন্নৰঙী লাইটেৰে সজাবলৈ সকলোৱে ইচ্ছা প্রকাশ কৰে৷ প্রতিবাৰেই চীনত তৈয়াৰী বৈদ্যুতিক আলোকৰ মালাৰে বজাৰ ভৰি পৰে যদিও এইবাৰ দেশত থলুৱাভাৱে উৎপাদিত বৈদ্যুতিক আলোকসজ্জাও যথেষ্ট পৰিমাণে উপলব্ধ হৈছে৷ বৈদ্যুতিক আলোকসজ্জাৰ সমান্তৰালভাৱে পিছপৰি নাথাকিল মৃৎশিল্পীসকলো৷ সাধাৰণ মাটিৰ চাকিৰ পৰা আৰম্ভ কৰি ভিন্ন ৰঙেৰে ডিজাইন কৰা বহুমুখী চাকিও বজাৰত উপলব্ধ হ’ল৷ ১০ টকাৰ পৰা সর্বাধিক ৫০০ টকীয়া চাকিৰ গছাও বজাৰত উপলব্ধ হ’ল৷ ধুবুৰীৰ আশাৰীকান্দিৰ লগতে মাজুলীৰ খহনীয়াগ্রস্ত এলেকা শালমৰা, চিনাতলীৰ পৰাও মহানগৰীৰ বজাৰলৈ আহিল ভিন্ন ধৰণৰ মাটিৰ চাকি, টেৰাকটা অংকিত চাকি, চাকিৰ গছা৷ অৱশ্যে চাকিৰ ক্ষেত্রত ৰাইজৰ সঁহাৰি খুবেই ভাল বুলি ব্যৱসায়ীসকলে জনাইছে৷ একেদৰে বিভিন্ন গ্রামাঞ্চলৰ পৰা মহানগৰীলৈ আহিছে কলগছৰ পুলি৷ একোটা পুলি আকাৰভেদে ন্যূনতম এশ টকাৰ পৰা ৩০০ টকালৈ বিক্রী হোৱা দেখা গ’ল৷ একেদৰে এইবাৰ মহানগৰীলৈ অহা পানীৰ চাকিয়েও গ্রাহকৰ দৃষ্টি আকর্ষণ কৰিছে৷ এই চীনা চাকিবোৰত সৰু বেটাৰী পূর্বৰে পৰাই সংযোজিত হৈ থাকে৷ পানী ঢালি দিয়াৰ লগে লগে চাকিটোৰ পৃষ্ঠত সংযোজিত হৈ থকা দুয়োটা ডায়’ডত বিদ্যুতৰ আধান প্রবাহিত হৈ আনটো মূৰত থকা লাইটটো শলিতাৰ লেখীয়াকৈ জ্বলি উঠে৷ যিয়েই নহওক আশাৰূপী আলোকে সমাজৰ পৰা অপশক্তিস্বৰূপ এন্ধাৰক বিনাশ কৰি শান্তি আনিব, সকলো সমস্যা সমাধান কৰি একতাৰ এনাজৰীডাল কটকটীয়া কৰি তুলিব৷ দীপাৱলীৰ প্রাক্ক্ষণত এয়াই ৰাইজৰ আশা৷

কালীপূজা–দীপাৱলী উপলক্ষে ৰাজ্যপাল আৰু মুখ্যমন্ত্রীৰ শুভেচ্ছা

কালীপূজা আৰু দীপাৱলী উপলক্ষে অসমবাসীক শুভেচ্ছা জনাইছে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই৷ এটা বিবৃতিযোগে ৰাজ্যপাল কাটাৰিয়াই কয় যে দীপাৱলীৰ পৱিত্র আলোকে ৰাজ্যত শান্তি–সম্প্রীতি অটুট ৰাখি একতাৰ এনাজৰীডাল কটকটীয়া কৰি ৰাখিব৷ ইয়াৰ লগতে দেৱী মা কালীয়ে সকলো সমস্যাৰ সমাধান কৰি ৰাজ্যত শান্তি অহাৰ আশীর্বাদ সকলোকে দিয়াৰ কামনাও তেওঁ লগতে কৰে৷ আনহাতে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালীপূজা আৰু আলোকৰ উৎসৱ দীপাৱলী উপলক্ষে অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে৷ এক বিবৃতিৰ জৰিয়তে মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ভাৰতীয় আধ্যাত্মিক জীৱনবোধত ধর্মীয় উৎসৱসমূহৰ এক গভীৰ প্রভাৱ আছে৷ পোহৰৰ উৎসৱ দীপাৱলীয়ে এন্ধাৰ বিনাশী আগুৱাই যাবলৈ প্রেৰণা যোগায়৷ আলোকৰ জয়যাত্রাৰ এক পৱিত্র উৎসৱে আমাক সকলোকে প্রমূল্যবোধৰ ভিত্তিত সমাজ গঢ়িবলৈ অনুপ্রাণিত কৰে৷ মুখ্যমন্ত্রীয়ে এই উৎসৱৰ সময়ত প্রাকৃতিক পৰিৱেশ অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়৷ আনহাতে কালী পূজা উদযাপনে অপশক্তি আৰু অপসংস্কৃতিৰ বিৰুদ্ধে যুঁজিবলৈ সকলোকে সাহস যোগায়৷ মুখ্যমন্ত্রীয়ে দীপাৱলী উদযাপনৰ জৰিয়তে সমাজ জীৱনত একতাৰ বান্ধোন আৰু অধিক শক্তিশালী হৈ উঠিব বুলি আশা প্রকাশ কৰে৷

You might also like