নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীনতাকামী বেলুচ আর্মীক সন্ত্রাসবাদী সংগঠনৰ তালিকাভুক্ত

পাকিস্তানৰ প্রতি আমেৰিকাৰ যুক্তৰাষ্ট্রৰ দৰদ৷ দেশখনৰ প্রবল প্রতিপক্ষ হিচাপে পৰিচিত স্বাধীনতাকামী বেলুচিস্তান লিবাৰেচন আর্মীক বিদেশী সন্ত্রাসবাদী সংগঠনৰ তালিকাভুক্ত কৰিলে আমেৰিকাই৷ পাকিস্তান চৰকাৰৰ বিৰুদ্ধে যুঁজ দি স্বাধীন ৰাষ্ট্রৰ ক্ষণ গণি থকা বেলুচিস্তান লিবাৰেচন আর্মীৰ উপৰি সংগঠনটোৰ সহযোগী দ্য মজিদ ব্রিগেডকো সন্ত্রাসবাদী সংগঠনৰ তালিকাভুক্ত কৰে আমেৰিকাই৷

মার্কিন চৰকাৰে বেলুচ আর্মীক সন্ত্রাসবাদী সংগঠন হিচাপে তালিকাভুক্ত কৰাৰ পাছতেই সংগঠনটোৱে বিশ্বজুৰি বিভিন্ন কঠোৰ নিষেধাজ্ঞা আৰু আইনী পৰিণামৰ সন্মুখীন হ’ব লাগিব৷ স্বাধীন বেলুচিস্তান গঠনৰ লক্ষ্যৰে দীর্ঘদিন ধৰি পাকিস্তানৰ সৈতে যুঁজি আহিছে বেলুচ লিবাৰেচন আর্মীয়ে৷ এই স্বাধীনতাকামী সংগঠনটোক দমন কৰিবলৈ পাকিস্তানী সেনাই ত্রাহিমধুসূদন দেখি আহিছে৷

এনে সময়তে আমেৰিকাই সংগঠনটোক সন্ত্রাসবাদী হিচাপে ঘোষণা কৰাটোৱে পাকিস্তানক স্বস্তিৰ নিশ্বাস দিব বুলি চর্চিত হৈছে৷ তাৎপর্যপূর্ণ যে পাকিস্তানী সেনাৰ মুৰব্বী ফিল্ড মার্শ্বাল আছিম মুনীৰে আমেৰিকা ভ্রমণৰ সময়তে বেলুচ আর্মীক নিষিদ্ধ ঘোষণা কৰে আমেৰিকাই৷

Niyomiya Barta Desk, 13 August, 2025

You might also like