আধাৰ কার্ড নাগৰিকত্বৰ বৈধ প্রমাণ নহয়, ECIৰ পক্ষত SC
বিহাৰত ভোটাৰ তালিকা সংশোধনক লৈ বিৰোধীৰ তীব্র প্রতিবাদ আৰু দেশজুৰি বিতর্ক চলি থকাৰ মাজতে নির্বাচন আয়োগৰ পক্ষত থিয় দিলে উচ্চতম ন্যায়ালয়ে৷ নির্বাচন আয়োগে আধাৰ কার্ডক নাগৰিকত্বৰ বৈধ প্রমাণ–পত্র নহয় বুলি বিবেচনা কৰা বিষয়টোত সন্মতি প্রদান কৰিলে সর্বোচ্চ ন্যায়ালয়ে৷
ন্যায়াধীশ সূর্যকান্তৰ বিচাৰপীঠে নির্বাচন আয়োগৰ গোচৰটোক লৈ শুনানি গ্রহণ কৰি আধাৰ কার্ড নাগৰিকত্বৰ বৈধ প্রমাণ–পত্র নহয় বুলি ৰায় দিয়ে৷ বিচাৰপীঠে কয় যে যদিওবা আধাৰ বিভিন্ন সেৱাৰ বাবে গুৰুত্বপূর্ণ পৰিচয়মূলক তথ্য, কিন্তু ইয়ে আধাৰ কার্ডৰ অধিকাৰীক নাগৰিকত্বৰ বিষয়টোক নিশ্চিত নকৰে৷
নির্বাচন আয়োগে আধাৰক নাগৰিকত্বৰ চূড়ান্ত তথ্য হিচাপে গ্রহণ নকৰাটোতো অধিকাৰ আছে বুলি বিচাৰপীঠে মত প্রকাশ কৰে৷ নির্বাচন আয়োগৰ পদ্ধতিক লৈ দাখিল কৰা আবেদনকাৰীৰ পক্ষত যুক্তি প্রদর্শন কৰা জ্যেষ্ঠ অধিবক্তা কপিল শিবালক এইদৰে স্পষ্ট কৰি দিয়ে ন্যায়াধীশ সূর্যকান্তই৷
নির্বাচন আয়োগে বৃহৎ পৰিসৰত ভোটাৰ পৰীক্ষণ প্রক্রিয়া কৰাক লৈ চলি থকা বিতর্কৰ মাজতে আজি ন্যায়াধীশ সূর্যকান্তই নির্বাচন আয়োগে সমগ্র বিষয়টো পর্যালোচনা কৰাৰ ক্ষেত্রত ক্ষমতা থকা বুলি উল্লেখ কৰি কয় যে যদি নির্বাচন আয়োগৰ হাতত ক্ষমতাই আছে, তেতিয়াহ’লে ভোটাৰ তালিকা পুনৰীক্ষণ কৰাৰ ক্ষেত্রত কোনো প্রশ্ণই উঠিব নোৱাৰে৷
উল্লেখ্য যে আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল শিবালে ১৯৫০ চনৰ পাছত ভাৰতত জন্ম পোৱা সকলোৱেই নাগৰিক বুলি তথ্য দাখিল কৰি বিহাৰত চলিত এছআইআৰত গভীৰ প্রক্রিয়াগত অনিয়ম সংঘটিত হোৱা বুলি উদ্বিগ্ণতা প্রকাশ কৰি যুক্তি প্রদর্শন কৰে৷ ভোটাৰ তালিকাত জীৱিত ব্যক্তিক মৃত হিচাপে দেখুওৱা আৰু বুথ পর্যায়ৰ বিষয়াই নিজৰ দায়িত্ব সঠিকভাৱে পালন নকৰা বুলিও শিবালে যুক্তি প্রদর্শন কৰে৷ নির্বাচন আয়োগে গ্রহণ কৰা পদ্ধতিয়ে গণহাৰত ভোটাৰৰ কর্তন কৰা হৈছে বুলিও অভিযোগ কৰে অধিবক্তাগৰাকীয়ে৷
Niyomiya Barta Desk, 13 August, 2025