নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাবুলৰ হাস্পতালত পাকিস্তানৰ ভয়ংকৰ বিমান আক্ৰমণ, ৪০০জন নিহত

ডিজিটেল ডেস্ক, ১৭ মাৰ্চ : কাবুলৰ এখন হাস্পতালত পাকিস্তানে ভয়ংকৰ বিমান আক্ৰমণ চলায়। তালিবান প্ৰশাসনৰ সূত্ৰ অনুসৰি, সোমবাৰে নিশা আফগানিস্তানৰ ৰাজধানীত ব্যাপক বিমান আক্ৰমণ সংঘটিত কৰে। এই আক্ৰমণত অন্ততঃ ৪০০জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। প্ৰায় ২৫০জন আহত হৈছে। তালিবান প্ৰশাসনে জনোৱা মতে এই আক্ৰমণত হাস্পতালখন সম্পূৰ্ণভাৱে ধ্বংসপ্ৰাপ্ত হৈছে। ঘটনাস্থলীত উদ্ধাৰ কাৰ্য আৰম্ভ হৈছে আৰু মৃতসকলৰ অধিকাংশই হাস্পতালত ভৰ্তি ৰোগী আছিল বুলি প্ৰাথমিকভাৱে জনা গৈছে।

জানিব পৰা গৈছে যে কাবুলৰ এই হাস্পতালখন মূলতঃ নিচামুক্তি কেন্দ্ৰ হিচাপে ব্যৱহৃত হৈছিল আৰু সদায়ে ইয়াত ৰোগীৰ ভিৰ থাকে। স্থানীয় সময় অনুসৰি সোমবাৰে নিশা প্ৰায় ৯ বজাত হঠাৎ পাকিস্তান বায়ুসেনাই আক্ৰমণ চলায়। ইয়াৰ ফলত সমগ্ৰ হাস্পতালখন ধ্বংসস্তূপত পৰিণত হয়। তালিবান চৰকাৰে জনোৱা মতে, সেই সময়ত হঠাৎ প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনা যায় আৰু সাধাৰণ লোক আতংকিত হৈ পৰে। বহু লোকে সেই সময়ত ৰোজা ভংগ কৰাৰ প্ৰস্তুতি চলোৱা অৱস্থাত আছিল বুলি জনা গৈছে।

তালিবান প্ৰশাসনৰ উপ-মুখপাত্ৰ হামদুল্লাহ ফিটৰটে জনায় যে ২ হাজাৰ বিছনাযুক্ত এই হাস্পতালখনত পাকিস্তানে আক্ৰমণ চলাইছে, যাৰ ফলত ইয়াৰ বৃহৎ অংশ সম্পূৰ্ণভাৱে ধ্বংস হৈছে। এতিয়ালৈকে ৪০০জন লোকৰ মৃত্যুৰ তথ্য পোৱা গৈছে আৰু অন্তত ২৫০জন আহত হৈছে। উদ্ধাৰকাৰী দলসমূহে জুই নিয়ন্ত্ৰণ কৰি ধ্বংসস্তূপৰ পৰা আন লোকসকলক উলিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে।

পাকিস্তানৰ দাবী অনুসৰি, তেওঁলোকে ইচ্ছাকৃতভাৱে হাস্পতাল লক্ষ্য কৰি আক্ৰমণ কৰা নাই, বৰঞ্চ সামৰিক ঘাটি আৰু জংগী গোটসমূহক লক্ষ্য কৰি অভিযান চলোৱা হৈছিল। বিগত কেইসপ্তাহমান ধৰি জংগী দমন অভিযানৰ নামত আফগানিস্তানৰ বিভিন্ন স্থানত পাকিস্তানে আক্ৰমণ চলাই আহিছে।

You might also like