নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অজাপৰ ধেমাজি জিলা সমিতিৰ সমূহীয়া পদত্যাগ :  TMC-ত যোগদান

সমগ্ৰ অসমতে বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে হঠাতে নিজ দলৰ পৰা পদত্যাগ কৰি অন্য ৰাজনৈতিক দলত যোগদান কৰাৰ ধুম উঠি থকাৰ সময়তে আচম্বিতে অসম জাতীয় পৰিষদৰ পৰা সমূহীয়াভাৱে পদত্যাগ কৰে অসম জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ৷

অসম জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি নৰেন পাৱসহ জিলাখনৰ  ১০৩৩২জন অজাপৰ সদস্যই অজাপ ত্যাগ কৰি  তৃণমূল কংগ্ৰেছ কমিটিত যোগদান কৰে৷ ধেমাজি ময়ূৰ প্লাজা হোটেলত সংবাদমেলত এই পদত্যাগৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে অজাপৰ ধেমাজি জিলা সমিতিৰ সভাপতি নৰেন পাৱৰ লগতে জিলা সমিতিৰ শীৰ্ষ নেতাই৷

সংবাদমেলত জিলা সমিতিৰ সভাপতি নৰেন পাৱে অভিযোগ কৰি কয় যে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিৰোধী ঐক্য মঞ্চৰ পৰা ৭৮নং ধেমাজি বিধানসভা সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থী নৰেন পাৱক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰি অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই  ষড়যন্ত্ৰমূলকভাৱে  কংগ্ৰেছ দলৰ প্ৰাৰ্থী শৈলেন সোনোৱালক প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত সহযোগ কৰে ৷

সংবাদমেলত সভাপতি পাৱে পুনৰ অভিযোগ কৰি কয় যে কংগ্ৰেছ প্ৰাৰ্থী শৈলেন সোনোৱালে ধেমাজি সমষ্টিত ২০০৬, ২০১১, ২০১৬ত প্ৰতিদ্বন্দ্বিতা কৰি প্ৰতিবাৰতে তৃতীয় স্হান দখল কৰিছিল৷ বাৰে বাৰে পৰাজিত হোৱা প্ৰাৰ্থীজনক কিয় পুনৰ ধেমাজি সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ল?

কিয় লুৰিণজ্যোতি গগৈয়ে হস্তক্ষেপ নকৰিলে? এনে বাৰে বাৰে পৰাজিত প্ৰাৰ্থীক টিকট দি ধেমাজি সমষ্টিৰ সম্ভাৱ্য আসনখন বিৰোধী ঐক্য মঞ্চই আকৌ এবাৰ হেৰুৱাবলৈ গৈ আছে৷ সংবাদমেলত ধেমাজি জিলা অজাপৰ সভাপতি পাৱে অজাপৰ সভাপতি লুৰিনজ্যোতি গগৈকে ধৰি শীৰ্ষ নেতৃত্বক অসমৰ ভণ্ড জাতীয়তাবাদী নেতা বুলি আখ্যা দি এইসকলে অসমীয়া জাতীয়তাবাদী ধাৰাটোক সমুলঞ্চে ধ্বংস কৰিলে বুলিও কঠোৰ ভাষাৰে সমালোচনা কৰে৷

উল্লেখযোগ্য যে সংবাদমেলতে অসম জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতি, জিলা জাতীয় মহিলা শক্তি, জাতীয় গোৰ্খা শক্তি সমিতি, জাতীয় সংখ্যালঘু শক্তি সমিতি, ৰাজনৈতিক পৰিক্ৰমা সমিতি, জাতীয় যুৱ শক্তি সমিতি, ধেমাজি সমষ্টিৰ অন্তৰ্গত ২৩খন আঞ্চলিক সমিতি, ২২৬খন বুথ সমিতিয়েও পদতাগ কৰাৰ কথা ঘোষণা কৰে৷

সংবাদমেলত অজাপৰ ধেমাজি জিলা সমিতিৰ কাৰ্যকৰী সমিতি বিৰাজ বৰঠাকুৰ, সাধাৰণ সম্পাদক কমল ডেকাকে ধৰি কেইবাগৰাকী শীৰ্ষ নেতাই অংশ লয় ৷ লক্ষ্যণীয় যে অজাপৰ পৰা এই সমূহীয়া দলত্যাগ আৰু তৃণমূল কংগ্ৰেছ দলত সহস্ৰাধিক অজাপৰ কৰ্মীয়ে যোগদান কৰাৰ ঘটনাই সমগ্ৰ ধেমাজিত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ বিপৰীতে এই  ৰাজনৈতিক কাণ্ডই ধেমাজি সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী শৈলেন সোনোৱালক শলঠেকত পেলোৱাৰ শংকা ঘনীভূত হোৱাত স্বাভাৱিকতে ৰাজনৈতিক মহলত জোকাৰণি তুলিছে ৷

নিয়মীয়া বাৰ্তা, ধেমাজি, ২১ মাৰ্চ

You might also like