নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কিং’ ছবিৰ শ্বুটিঙৰ সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্বাহৰুখ

🔹 চিকিৎসাৰ বাবে আমেৰিকালৈ উৰা মাৰিলে ছুপাৰষ্টাৰ শ্বাহৰুখে

নিউজ ডেস্ক, ১৯ জুলাই : সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মাণ হৈ থকা বলীউডৰ চিনেমা ‘King’-ৰ শ্বুটিঙৰ সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ’ল ছুপাৰষ্টাৰ শ্বাহৰুখ খান। মুম্বাইৰ গ’ল্ডেন টোবাকো ষ্টুডিঅ’ত চলি থকা ‘কিং’ ছবিৰ এক একচন দৃশ্যৰ শ্বুটিঙৰ সময়ত এই ঘটনা ঘটে। ষ্টাণ্ট কৰি থকা অৱস্থাত গুৰুতৰভাৱে আহত হয় অভিনেতাজন! সূত্রৰ তথ্য মতে, আঘাত ইমানেই গুৰুতৰ যে শ্বাহৰুখ খান অহা ১-২ মাহলৈ শ্বুটিঙৰ পৰা আঁতৰি থাকিব লাগিব। আনুষ্ঠানিকভাৱে তেওঁৰ আঘাত সন্দৰ্ভত কোনেও বিতং একো জনোৱা নাই যদিও কিং খান পেশীৰ গুৰুতৰ সমস্যাত ভোগা বুলি জানিব পৰা গৈছে। শ্বুটিংস্থলীত পোৱা গুৰুতৰ আঘাতৰ পিছতে চিকিৎসাৰ বাবে টীমসহ কিং খান উৰা মাৰে আমেৰিকালৈ।  প্রশ্ন হয়— এনেকুৱা কি আঘাতৰ বাবে কিং খানে চিকিৎসাৰ বাবে বিদেশলৈ যাবলগীয়া হ’ল ?

এই বিগ বাজেটৰ চিনেমাখনৰ তাৰকাৰে ভৰা কাষ্টিঙৰ প্ৰতি দৰ্শক আৰু অনুৰাগীয়ে গুৰুত্ব দিছে। কোৱা হৈছে যে বহু প্ৰত্যাশিত এই মেগা বাজেটৰ চিনেমাখনত দীপিকা পাডুকন, অভিষেক বচ্চন, ৰাণী মুখাৰ্জী, আৰ্শ্বদ ৱাৰ্ছী, অনিল কাপুৰৰ দৰে ডাঙৰ তাৰকাক দেখা যাব। শেহতীয়াকৈ বাদশ্বাহে নিজৰ টেঁটু কৰা পেশীবোৰ দেখুৱাই ইণ্টাৰনেটত আলোড়নৰ সৃষ্টি কৰিছে।

‘কিং’ ছবিখন ঘোষণা হোৱাৰ পাছৰে পৰা অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে ৰৈ আছে। দীপিকা পাডুকন, অভিষেক বচ্চন, ৰাণী মুখাৰ্জী, অনিল কাপুৰ, আৰশাদ ৱাৰ্চীৰ দৰে তাৰকাৰ কাষ্টিঙৰ বাবেও ছবিখনে আগ্ৰহ জন্মাইছে। ছবিখনৰ শ্বুটিং মে’ মাহৰ পৰা আৰম্ভ হৈছিল আৰু মুক্তিৰ লক্ষ্য আছিল ২০২৬।

বৰ্তমান শ্বাহৰুখৰ চিকিৎসা আৰু বিশ্ৰামৰ বাবে ছবিখনৰ শ্বুটিং স্থগিত ৰখা হৈছে। ছবিখনৰ পৰৱৰ্তী শ্বুটিং ছেপ্টেম্বৰৰ শেষ বা অক্টোবৰৰ মাজত আৰম্ভ হ’ব বুলি অনুমান কৰা হৈছে।

শ্বাহৰুখৰ সুস্থতা কামনা কৰি অনুৰাগীসকলে ইতিমধ্যে সামাজিক মাধ্যম শুভেচ্ছা বাৰ্তাৰে ভৰাই তুলিছে।

You might also like