নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱপ্রজন্মৰ মাজত ধূমপান নিষিদ্ধৰ আইন প্ৰণয়ন এইখন দেশত

এই নিষেধাজ্ঞা সকলোধৰণৰ মাদক দ্রব্যৰ ক্ষেত্রত প্রযোজ্য হ’ব আৰু খুচুৰা বিক্রেতাসকলে বিক্রীৰ পূর্বে বয়স পৰীক্ষা কৰিব লাগিব

মালদ্বীপত ২০০৭ চনৰ ১ জানুৱাৰী বা তাৰ পিছত জন্মগ্রহণ কৰা যুৱক–যুৱতীক ধঁপাত সেৱন–ক্রয়–বিক্রয় কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ আইন প্রণয়নেৰে এনে নিষেধাজ্ঞা আৰোপ কৰা বিশ্বৰ একমাত্র দেশ হিচাপে পৰিগণিত হ’ল মালদ্বীপ৷

দ্বীপৰাষ্ট্রখনৰ স্বাস্থ্য মন্ত্রালয়ে শেহতীয়াভাৱে ঘোষণা কৰে যে দেশখনৰ ভিতৰত নৱপ্রজন্মই ধঁপাত সেৱন, ক্রয় বা বিক্রী কৰাটো অপৰাধ হিচাপে গণ্য কৰা হ’ব৷ ধঁপাত সেৱনৰ ফলত হোৱা ক্ষতিৰ পৰা যুৱক–যুৱতীসকলক্ ৰক্ষা কৰাৰ বাবে চৰকাৰে দৃঢ় সংকল্প গ্রহণ কৰিছে৷

স্বাস্থ্য মন্ত্রালয়ৰ সূত্রই লগতে সদৰী কৰে যে এই নিষেধাজ্ঞা সকলোধৰণৰ মাদক দ্রব্যৰ ক্ষেত্রত প্রযোজ্য হ’ব আৰু খুচুৰা বিক্রেতাসকলে বিক্রীৰ পূর্বে বয়স পৰীক্ষা কৰিব লাগিব৷ বিশ্ব স্বাস্থ্য সংস্থাই মালদ্বীপৰ এই পদক্ষেপৰ শলাগ লৈছে৷

উল্লেখ্য যে মালদ্বীপ চৰকাৰে ২০০৪ চনৰ শেষৰফালে দেশখনত ভেপিং (ইলেক্ট্রনিক চিগাৰেট) আমদানি, ব্যৱহাৰ আৰু বিতৰণত নিষেধাজ্ঞা আৰোপ কৰিছিল৷ এইবাৰ ধূমপানৰ ক্ষেত্রত এই পদক্ষেপ লোৱা হৈছে৷

অৱশ্যে ইয়াৰ পূর্বেও ধূমপান নিষিদ্ধ কৰাৰ পৰিকল্পনা কৰিছিল যদিও কার্যকৰী হোৱা নাছিল৷ ২০০২ চনত নিউজীলেণ্ড, আমেৰিকাকে ধৰি কেইখনমান ৰাষ্ট্রত ধূমপান নিষিদ্ধ আইনৰ প্রসংগ উত্থাপন হৈছিল যদিও কার্যকৰী নহ’ল৷

বিশ্ব স্বাস্থ্য সংস্থাৰ সূত্র অনুসৰি, প্রতিবছৰে বিশ্বত ধূমপানৰ বাবেই ৭০ লক্ষাধিক লোকৰ মৃত্যু হয়৷ মালদ্বীপত ২৫.৫ শতাংশ লোকে ধূমপান কৰে৷ এই লোকসকলৰ বয়স ১৫ৰ পৰা ৬৯ বছৰৰ ভিতৰত৷

ডিজিটেল ডেস্ক, ৫ নৱেম্বৰ

You might also like