নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ আফ্রিকাত ৬৩,০০০ HIV ৰোগীৰ হাহাকাৰ

🔹 আমেৰিকাৰ ৰাষ্ট্রপতি ট্রাম্পৰ বিশ্ব স্বাস্থ্য সংস্থালৈ অনুদান বন্ধৰ ভয়ংকৰ ৰূপ

নিউজ ডেস্ক, ২৬ আগষ্ট : আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি হিচাপে দ্বিতীয়বাৰ কার্যভাৰ গ্রহণ কৰিয়ে ড’নাল্ড ট্রাম্পে বিশ্ব স্বাস্থ্য সংস্থালৈ অনুদান বন্ধ কৰাৰ সিদ্ধান্তৰ পিছত বিশ্বজুৰি স্বাস্থ্যখণ্ডত নেতিবাচক প্রভাৱ পৰিছে৷ মার্কিন চৰকাৰৰ অনুদানেৰে চলিত বিশ্ব স্বাস্থ্য সংস্থাৰ অধীনৰ অনেক চিকিৎসা কেন্দ্র বিশ্বজুৰি বন্ধ কৰিবলগীয়া হৈছে৷ দক্ষিণ আফ্রিকাত ট্রাম্পৰ এই সিদ্ধান্তৰ বিৰূপ প্রভাৱ সবাতোকৈ অধিক৷

দক্ষিণ আফ্রিকাত বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা পৰিচালিত বেচৰকাৰী সংগঠনৰ ক্লিনিকসমূহ বন্ধ হৈ পৰিছে৷ এই বন্ধ হোৱা ১২ ক্লিনিকত প্রায় ৬৩ হাজাৰ এইডছ আক্রান্ত ৰোগীৰ চিকিৎসা চলি আছিল৷ ট্রাম্পৰ সিদ্ধান্তত দক্ষিণ আফ্রিকাত ঔষধৰ দামো বৃদ্ধি পাইছে৷ এনে কাৰণত দেশখনৰ প্রায় ২,২০,০০০ এইচআইভিত আক্রান্ত ৰোগী ঔষধ ক্রয় কৰিবলৈ সক্ষমহীনতাত ভুগিছে৷ কার্যতঃ দেশখনৰ এইচআইভি আক্রান্ত ৰোগীৰ চিকিৎসাৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷

ট্রাম্প চৰকাৰে বিশ্ব স্বাস্থ্য সংস্থালৈ ৪২৭ নিযুত মার্কিন ডলাৰ বন্ধ কৰাৰ প্রভাৱতেই বিশ্বজুৰি বেচৰকাৰী সংস্থাৰ দ্বাৰা এইচআইভি আক্রান্ত ৰোগীৰ চিকিৎসাত ব্যাঘাত জন্মিছে৷ এনেদৰে ঔষধৰ দামো দুগুণ বৃদ্ধি পোৱাত ৰোগীসকলে ঔষধ ক্রয় কৰাত অসুবিধাৰ সৃষ্টি হৈছে৷ অর্থৰ অভাৱত দেশখনত এইচআইভি সজাগতা অভিযান বন্ধ ৰাখিবলগীয়া হৈছে৷ এইচআইভিৰ সৈতে যুঁজিবলৈ দেশখনত অর্থৰ অভাৱ হৈ পৰাত একধৰণৰ অনাহূত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এই সমস্যাৰ পৰা উদ্ধাৰ পাবলৈ দক্ষিণ আফ্রিকাৰ ৰাজপথলৈ ওলাই আহিছে এইচআইভি ৰোগী৷ দক্ষিণ আফ্রিকা বিদেশী ৰাষ্ট্রৰ স্বাস্থ্যখণ্ডত পুঁজি অনুমোদনৰ ওপৰত নির্ভৰশীল হোৱাৰ পৰিপ্রেক্ষিততেই দেশখনত এতিয়া চিকিৎসাৰ অভাৱত তিলতিলকৈ মৃত্যুৰ দিশে আগবাঢ়িছে এইচআইভিত আক্রান্ত ৰোগী৷ বিশ্বৰ মুঠ এইচআইভি ৰোগীৰ ৫ ভাগৰ এভাগ দক্ষিণ আফ্রিকাতে আছে৷

You might also like