নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানী ফোনেৰে অসমীয়া যুৱকক ধমকি, বেংক একাউণ্ট বন্ধ কৰাৰ ভাবুকি

পুনৰ অসম-বংগ সীমান্তৰ এজন যুৱকৰ মবাইলত আহিল ভাবুকিভৰা বাৰ্তা। পাকিস্তানৰ ফোন নম্বৰৰে ধুবুৰী জিলাৰ কৈমাৰিৰ তায়াত হুছেইন নামৰ এজন ষ্টেট বেংকৰ গ্ৰাহকৰ মবাইলত প্ৰেৰণ কৰিলে ভাবুকি ভৰা বাৰ্তা।

প্ৰথমতে পাকিস্তানৰ ফোন নম্বৰৰে গ্ৰাহকজনৰ পৰা দাবী কৰিছিল চাৰি হাজাৰ টকা। গ্ৰাহকজনে চাৰি হাজাৰ টকা দিবলৈ মান্তি নোহোৱাত বেংকৰ খাতা বন্ধ কৰি দিয়াৰ ভাবুকি দিয়ে।

অৱশেষত ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত অৱগত কৰি ছাগলীয়া আৰক্ষীৰ কাষ চাপে যুৱকজন।

নিয়মীয়া বাৰ্তা, আগমনি, ২৬ আগষ্ট

You might also like