নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্র-কর্মচাৰী সংগঠন নিষিদ্ধ হ’ব নেপালত ! নৱগঠিত মন্ত্রীসভাৰ প্রথম বৈঠকতে প্রস্তাৱ গৃহীত

ডিজিটেল ডেস্ক, ৩১ মার্চ : নেপালৰ কোনো শিক্ষা প্রতিষ্ঠানতে আৰু নাথাকিব ৰাজনৈতিক দলৰ ছাত্র সংগঠন৷ চৰকাৰী কার্যালয় বা প্রতিষ্ঠানসমূহতো কোনো ৰাজনৈতিক শ্রমিক সংগঠন নাথাকিব৷ আগন্তুক দিনত এই পৰিকল্পনাকে বাস্তৱায়িত কৰিবলৈ বিচাৰিছে দেশখনৰ নতুন চৰকাৰখনে৷ আগন্তুক দিনৰ এই পৰিকল্পনাত ইতিমধ্যে অনুমোদন জনাইছে নেপালৰ প্রধানমন্ত্রী বলেন্দ্র শ্বাহ মন্ত্রীসভাই৷ অৱশ্যে এই পৰিকল্পনাসমূহ কিমান দূৰ বাস্তৱায়িত হ’ব তাক লৈও প্রশ্ণ উঠিছে নেপালৰ ভিতৰভাগত৷

মন্ত্রীসভাৰ প্রথম বৈঠকত যি এশদফীয়া পৰিকল্পনাত অনুমোদন জনোৱা হৈছে তাৰ ভিতৰত অন্যতম– শিক্ষা প্রতিষ্ঠানসমূহক দলীয় ৰাজনীতিৰ পৰা মুক্ত কৰা ৷ দেশখনৰ সংবাদ মাধ্যমত প্রকাশ পোৱা বাতৰি মতে, নতুন চৰকাৰখনে সিদ্ধান্ত লৈছে যে স্কুল আৰু বিশ্ববিদ্যালয়সমূহৰ পৰা সকলো দলীয় ছাত্র সংগঠনক উৎখাত কৰা হ’ব৷ ইয়াৰ সলনি শিক্ষার্থীসকলৰ বাবে বিকল্প ব্যৱস্থা আৰম্ভ কৰাৰো সিদ্ধান্ত লোৱা হৈছে৷

জনোৱা হৈছে যে দলীয় ছাত্র সংগঠনসমূহৰ সলনি কেম্পাছত থাকিব ‘ষ্টুডেণ্ট কাউঞ্চিল’ বা ‘ভয়চ অৱ ষ্টুডেণ্টছ’ নামৰ নতুন ব্যৱস্থা৷ অহা ৯০ দিনৰ ভিতৰত এই সিদ্ধান্ত  কার্যকৰী কৰাৰ বাবে মন বান্ধিছে নেপাল চৰকাৰে৷ কিন্তু এই বিকল্প ব্যৱস্থাই কিদৰে কাম কৰিব, সেয়া প্রাথমিকভাৱে স্পষ্ট হোৱা নাই৷ লগতে কোৱা হৈছে যে কোনো শিক্ষক, অধ্যাপক, চৰকাৰী কর্মচাৰী বা দেশৰ সেৱাত নিযুক্ত অন্যান্য কর্মচাৰীসকলো ৰাজনৈতিক দলৰ সৈতে জড়িত থাকিব নোৱাৰিব৷ পোনপটীয়া বা আওপকীয়া কোনো প্রকাৰে ৰাজনৈতিক দলৰ সৈতে তেওঁলোক জড়িত থাকিব নোৱাৰিব৷ অন্যথা আইন অনুযায়ী বিভাগীয় পদক্ষেপ গ্রহণ কৰা হ’ব৷

You might also like