ডিজিটেল ডেস্ক, ৩১ মার্চ : দেশৰ বিভিন্ন প্রান্তত ১১০০ৰো অধিক ভুৱা তথ্য বিয়পোৱাৰ অভিযোগ আছিল তেওঁৰ বিৰুদ্ধে৷ এইবাৰ দিল্লী আৰক্ষীৰ জালত পৰিল সেই অভিযুক্ত৷ শ্রীনিৱাস লুইচ নামৰ ৪৭ বছৰ বয়সীয়া এই অভিযুক্তজনক কর্ণাটকৰ মহীশূৰৰ পৰা গ্রেপ্তাৰ কৰা হয়৷
আৰক্ষীয়ে জনোৱা মতে, বিভিন্ন স্কুল, হাইকোর্ট আৰু চৰকাৰী কার্যালয়ত বোমা থকাৰ ভুৱা তথ্য বিয়পোৱাৰ অভিযোগ আছে এইজন লোকৰ বিৰুদ্ধে৷ ইয়াৰ ভিতৰত আছে দিল্লী হাইকোর্ট, দিল্লী বিধানসভা, ৰাজধানীৰ কেইবাটাও শিক্ষা প্রতিষ্ঠান তথা চৰকাৰী কার্যালয়৷ এটাৰ পিছত এটাকৈ ভুৱা তথ্য বিয়পাই বিভিন্ন ঠাইত বোমাতংক সৃষ্টি কৰা ঘটনাত শ্রীনিৱাসক গ্রেপ্তাৰ কৰা হয়৷
শেহতীয়া কেইটামান বোমাতংক বিয়পোৱা ঘটনাৰ তদন্তৰ সূত্র ধৰি শ্রীনিৱাসক চিনাক্ত কৰে দিল্লী আৰক্ষীয়ে৷ সেইমর্মে দিল্লী আৰক্ষীৰ এটা দলে অভিযান চলায় কর্ণাটকত৷ স্থানীয় আৰক্ষীৰ সহায়ত মহীশূৰৰ এটা ভাৰাঘৰৰ পৰা তেওঁক আটক কৰে তদন্তকাৰীসকলে৷ আৰক্ষীয়ে জনোৱা মতে, স্নাতকোত্তৰ ডিগ্রীধাৰী শ্রীনিৱাসৰ ঘৰ বেংগালুৰুত৷ সম্প্রতি তেওঁ পিতৃ–মাতৃৰ সৈতে মহীশূৰৰ ভাৰাঘৰত বাস কৰে৷