নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণেশৰ মূর্তি–মদ্ভাগৱত গীতা লৈ আইএছএছলৈ যাত্রা সুনীতাৰ

🔹 তৃতীয়বাৰলৈ মহাকাশলৈ ভাৰতীয় বংশোদ্ভৱ মহাকাশচাৰী

বিশেষ বাৰ্তা, ৭ মে’ : ভাৰতীয় বংশোদ্ভৱ মহাকাশচাৰী সুনীতা উইলিয়ামছে আজি তৃতীয়বাৰৰ বাবে মহাকাশলৈ ৰাওনা হ’ব৷ ধার্মিকতকৈ অধিক আধ্যাত্মিক সুনীতা উইলিয়ামছে আজি কেনেডী মহাকাশ কেন্দ্রৰ পৰা নতুন মহাকাশ যান বয়িং ষ্টাৰলাইনাৰৰ জৰিয়তে আন্তর্জাতিক মহাকাশ কেন্দ্র, চমুকৈ আইএছএছলৈ ৰাওনা হ’ব৷ ভাৰতীয় বংশোদ্ভৱ মহাকাশচাৰী সুনীতাই এই মহাকাশ যাত্রাত তেওঁৰ বাবে ভাগ্যৰ প্রতীকস্বৰূপ ভগৱান গণেশৰ মূর্তি আৰু মদ্ভাগৱত গীতা লৈ যাব৷ ইয়াৰ পূর্বে দুবাৰ মহাকাশ অভিযানত উইলিয়ামছে মদ্ভাগৱত গীতা লৈ গৈছিল৷ তৃতীয়বাৰৰ বাবে মহাকাশ যাত্রাত ৰাওনা হোৱাৰ পূর্বে সাংবাদিকে তেওঁক নার্ভাছ হৈছে নেকি বুলি সোধা প্রশ্ণৰ উত্তৰত কয় যে মহাকাশ যাত্রাক লৈ তেওঁ কিছু উদগ্রীৱ হৈ আছে৷ নতুন মহাকাশ যানত মহাকাশলৈ যাত্রা কৰাটোত তেওঁৰ কোনো দ্বিধা নাই বুলিও কয়৷ আন্তর্জাতিক মহাকাশ কেন্দ্রত প্রৱেশ কৰাৰ লগে লগে তেওঁ ঘৰলৈ উভতি অহা যেন লাগে বুলিও কয় সুনীতাই৷

You might also like