নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ লাইলুৰিত অৱসৰী শিক্ষক জয়নাল আবদিনৰ বিয়োগ

নিয়মীয়া বাৰ্তা,  ৭ মে’ : ৰূপহীহাটৰ লাইলুৰিৰ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী জয়নাল আবদিনে সোমবাৰে সন্ধিয়া নিজা বাসভৱনত বৃক্কজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে। জয়নাল আবদিনৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলজুৰি শোকৰ বন্যা কঢ়িয়াই আনিছে ৷ জয়নাল আবদিনে ৭নং বগামুখ মোক্তাব বিদ্যালয়ত প্ৰায় ৩৮ বছৰ শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিছিল। ইয়াৰ উপৰি ভগামুখ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। মৃত্যুৰ আগ মুহূৰ্তলৈকৈ ১৯৯৬ চনতে স্থাপন হোৱা ইছলামিক শিক্ষা প্ৰতিষ্ঠান ৬নং বগামুখ কাছিমুল উলুম ইছলামীয়া মাদ্ৰাছাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। বিভিন্ন সামাজিক, শৈক্ষিক, ধাৰ্মিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত তেওঁ ওতপ্ৰোতভাৱে জড়িত হৈ আছিল। অতি অমায়িক, অত্যন্ত বিনয়ী আৰু মৃদুভাষী অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ মৃত্যুত শৈক্ষিক মহলত এক অপূৰণীয় ক্ষতি হৈছে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৫ বছৰ ৷ মৃত্যুৰ সময়ত তেওঁ ইহসংসাৰত পত্নীসহ এজন পুত্ৰ সন্তান, ৫জনী কন্যা সন্তানৰ লগতে বহু আত্মীয়-স্বজনক এৰি যায়। আজি পুৱা ৮.৩০ বজাত লাইলুৰি ঈদগাহ ময়দানত তেওঁৰ জানাজা নামাজ অনুষ্ঠিত হয়। উক্ত জানাজা নামাজত হাজাৰ হাজাৰ গুণমুগ্ধ উপস্থিত থাকাৰ লগতে বিভিন্নজনে শোক প্ৰকাশ কৰে।

প্ৰেৰক জহিৰুল ইছলাম

You might also like