সন্ত্রাসবাদ মানৱতাৰ মূল্যবোধত আক্রমণ, কান্ধত কান্ধ মিলাই পাকিস্তানক সকীয়নি মোদী–পুটিনৰ
নিউজ ডেস্ক, ৬ ডিচেম্বৰ : সন্ত্রাসবাদৰ পৃষ্ঠপোষক হিচাপে সমগ্র বিশ্বতে চিহ্ণিত হৈ পৰা চিৰবৈৰী ৰাষ্ট্র পাকিস্তানক কান্ধত কান্ধ মিলাই কার্যতঃ চৰম সকীয়নি দিলে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে৷ দুদিনীয়া ভ্রমণসূচীৰে পৰহি সন্ধিয়া নতুন দিল্লীত উপস্থিত হোৱা ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনৰে কালি হায়দৰাবাদ হাউছত আয়োজিত এক যুটীয়া সংবাদ মেলত প্রধানমন্ত্রী মোদীয়ে সন্ত্রাসবাদ সন্দর্ভত কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য কৰে৷
তেওঁ কয় যে সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰত–ৰাছিয়াই দীর্ঘদিন ধৰি কান্ধত কান্ধ মিলাই যুঁজ অব্যাহত ৰাখিছে৷ সেয়া পেহেলগামৰ আক্রমণেই হওক বা ক্রোকাছ চিটীৰ নির্বিচাৰ কাপুৰুষোচিত হত্যালীলাই হওক৷ এনেধৰণৰ কার্যকলাপৰ আঁৰত আছে সন্ত্রাসবাদী৷ সন্ত্রাসবাদ মানৱতাৰ মূল্যবোধৰ ওপৰত উপর্যুপৰি আক্রমণ৷ ইয়াৰ বিৰুদ্ধে বিশ্বব্যাপী ঐক্যই আমাৰ আটাইতকৈ ডাঙৰ শক্তি৷ ৰাষ্ট্রসংঘ, জি–২০, ব্রিকছ্, এছচিঅ’ তথা অন্যান্য আন্তর্জাতিক মঞ্চত ভাৰত–ৰাছিয়াই ঘনিষ্ঠ সহযোগিতা অব্যাহত ৰাখিছে৷ অনাগত ভৱিষ্যতত আন্তর্জাতিক মঞ্চত আমাৰ দুয়োখন ৰাষ্ট্রৰ সহযোগিতাৰ ধাৰাবাহিকতা অব্যাহত থাকিব৷
লক্ষণীয়ভাৱে প্রধানমন্ত্রী মোদীৰ সুৰত সুৰ মিলাই ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনেও সন্ত্রাসবাদৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰে৷ তেওঁ কয় যে সন্ত্রাসবাদক আমি কোনো কাৰণতে প্রশ্রয় নিদিওঁ৷ সন্ত্রাসবাদ মষিমূৰ কৰিবলৈ ভাৰতৰ সৈতে কান্ধত কান্ধ মিলাই ৰাছিয়া অনাগত দিনত আগবাঢ়ি যাব৷ ইউক্রেইন যুদ্ধৰ দোহাই দি ৰাছিয়াক অর্থনৈতিকভাৱে এঘৰীয়া কৰিব বিচৰা আমেৰিকালৈও কঠোৰ বার্তা দিয়ে ৰাষ্ট্রপতি পুটিনে৷ আমেৰিকাই ৰাছিয়াৰ ওপৰত আৰোপ কৰা ‘ছুইফ্ট’ (ছ’চাইটী ফৰ ৱর্ল্ড ৱাইড ইণ্টাৰবেংক ফাইনেঞ্চিয়েল টেলিকমিউনিকেচন) নিষেধাজ্ঞাক অংগুষ্ঠ দেখুৱাই ভাৰতৰ সৈতে মিত্রতা স্থাপন কৰা ৰাষ্ট্রপতি পুটিনে ডলাৰ নির্ভৰশীল অর্থনীতিক কার্যতঃ অৱজ্ঞা কৰে৷ ইয়াৰ বিপৰীতে তেওঁৰ মন্তব্যত প্রকাশ পাইছে দেশীয় মুদ্রাৰ ভাৰত–ৰুছ বাণিজ্যক নতুন গতি দিয়াৰ বার্তা৷