নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Zubben Garg-ৰ মৃত্যু কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ প্ৰতিশ্ৰুতি— “জুবিনে ন্যায় পাবই!”

দুই–এদিনৰ ভিতৰতে চার্জশ্বীট দাখিল কৰিব এছআইটিয়ে, কোনো এজনো অভিযুক্তই জামিন নাপায়

Zubben Garg-ৰ মৃত্যুৰ তদন্ত চলাই থকা বিশেষ তদন্তকাৰী গোট (SIT)–এ চাৰে তিনি হাজাৰ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিব৷ এই তথ্য প্রকাশ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

সংবাদ মাধ্যমৰ আগত এই তথ্য দাঙি ধৰি তেওঁ কয়– জুবিন গার্গে ন্যায় পাবই৷ SITয়ে কাম সম্পূর্ণ কৰিছে৷ তেওঁলোকে জনোৱা মতে প্রায় চাৰে তিনি হাজাৰ পৃষ্ঠাৰ চার্জশ্বীট সাজু কৰিছে৷ অভিযোগনামা দাখিল লৈ ইতিমধ্যে মহাধিবক্তাৰ লগতো আলোচনা কৰিছে৷

গতিকে ১৮ ডিচেম্বৰৰ পূর্বেই ৬–১২ ডিচেম্বৰৰ ভিতৰত অভিযোগনামা দাখিল কৰিব৷ মুখ্যমন্ত্রীয়ে কয়– ১৮ ডিচেম্বৰৰ পূর্বে অভিযোগনামা আমি দিবই লাগিব৷ নহ’লে অভিযুক্তসকলে জামিন লাভ কৰিব৷ সেয়েহে ১৮ ডিচেম্বৰৰ পূর্বে অভিযোগনামা দাখিল কৰাটো আইনগতভাৱে আমি বাধ্য৷

SITক মই কৈছোঁ– ১৮ ডিচেম্বৰলৈ ৰৈ থাকিব নালাগে, কেইদিনমান আগতে দাখিল কৰক৷ কিন্তু SITয়ে জানিবলৈ দিয়া অনুসৰি চাৰে তিনি হাজাৰ ডকুমেণ্ট আইনগতভাৱে প্রস্তুত কৰি লোৱাৰ বাবে কিছু সময়ৰ প্রয়োজন৷

গতিকে এই সকলোবোৰ কাম সম্পূর্ণ কৰি ১২ ডিচেম্বৰৰ পূর্বেই অভিযোগনামা দাখিল কৰিব৷

ডিজিটেল ডেস্ক, ৬ ডিচেম্বৰ

You might also like