নিদ্ৰাৰত গাঁওবাসীৰ ওপৰত সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনা; ২৯জনৰ প্ৰাণহানি
ডিজিটেল ডেস্ক, ২৮ এপ্ৰিল : নিশা শুই থকা গাঁওবাসীৰ ওপৰত সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনা। সন্ত্রাসৰ জুইত জ্বলিছে আফ্ৰিকান দেশ নাইজেৰিয়া। এইবাৰ নিশাৰ আন্ধাৰত নাইজেৰিয়াৰ খ্ৰীষ্টান অধ্যুষিত এখন গাঁৱক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে। নিশা শুই থকা গাঁওবাসীৰ ওপৰত সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনাত অন্তত: ২৯জন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে।
ঘটনাটো সংঘটিত হৈছে নাইজেৰিয়াৰ আদামাৱা ৰাজ্যৰ গুইয়াকু গাঁৱত। দেওবাৰে গভীৰ নিশা গাঁওবাসী শুই থকা অৱস্থাত সন্ত্ৰাসবাদীয়ে গাঁওখনত প্ৰৱেশ কৰি সৰু সৰু দলত বিভক্ত হৈ সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে। তাৰ পিছতে ঘৰে ঘৰে প্ৰৱেশ কৰি ধাৰাসাৰ গুলীবৰ্ষণ আৰম্ভ কৰে। ঘটনাত ২৯জন লোক নিহত হোৱাৰ লগতে বহুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
দীৰ্ঘ সময় ধৰি তাণ্ডৱ চলোৱাৰ পিছত সন্ত্ৰাসবাদীয়ে গাঁওখনৰ বহু ঘৰত অগ্নিসংযোগ কৰি পলায়ন কৰে। ঘটনাৰ কিছু সময়ৰ পিছতে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে সন্ত্ৰাসবাদী সংগঠন আইছিছে।
পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায়। সোমবাৰে ৰাজ্যখনৰ গৱৰ্নৰ আহমদু উমাৰু ফিনট্ৰিয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি এই আক্ৰমণক “অত্যন্ত দুৰ্ভাগ্যজনক আৰু কাপুৰুষোচিত” বুলি তীব্ৰ নিন্দা কৰে।
ইফালে, একেদিনাই কোগী ৰাজ্যৰ লোকোজা গাঁৱত থকা এখন অনাথ আশ্ৰমতো সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায়। এই ঘটনাত অৱশ্যে কোনো লোকৰ মৃত্যু হোৱা নাই। এই আক্ৰমণৰ ঘটনাত গাঁওখনৰ ২৩টা শিশুক অপহৰণ কৰা হৈছিল যদিও আৰক্ষীয়ে অভিযান চলাই ১৫টি শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে বহু বছৰ ধৰি নাইজেৰিয়াত সন্ত্রাসবাদী কাৰ্যকলাপ অব্যাহত আছে। ইয়াৰ আঁৰত মূলত: বকো হাৰাম আৰু ইছলামিক ষ্টেট সন্ত্ৰাসবাদী সংগঠন দুটাই জড়িত বুলি জানিব পৰা গৈছে। এই দুটা সংগঠন বৰ্তমান দেশখনৰ বাবে ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে।