নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছে ৫০খন আসনো নাপায়

🔹 পশ্চিমবংগত বিশাল নির্বাচনী সমাৱেশত প্রধানমন্ত্রী

বিশেষ বাৰ্তা, ৪ মে’ : পশ্চিমবংগত লোকসভা নির্বাচন উপলক্ষে আয়োজিত বিশাল নির্বাচনী সমাৱেশ সম্বোধন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শাসকীয় তৃণমূল কংগ্রেছ আৰু দেশৰ প্রধান বিৰোধী দল কংগ্রেছক আক্রমণৰ লক্ষ্য কৰি লয়৷ ৰাজ্যখনৰ বর্ধমান, কৃষ্ণনগৰ আৰু ৰাণাঘাটত তিনিখন নির্বাচনী সভা সম্বোধন কৰি শাসকীয় তৃণমূল কংগ্রেছৰ লগতে দেশৰ প্রধান বিৰোধী দল কংগ্রেছক আক্রমণৰ লক্ষ্য কৰি লয় প্রধানমন্ত্রী মোদীয়ে৷ অভিলেখসংখ্যক মহিলা উপস্থিত থকা সমাৱেশ সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে মুখ্যমন্ত্রী মমতা বেনার্জীৰ চৰকাৰ আৰু কংগ্রেছক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ বিজেপিৰ প্রার্থীক ভোটদানৰ আহ্বান জনাই প্রধানমন্ত্রী মোদীয়ে এইবেলি নির্বাচনত কংগ্রেছ দলে ৫০খনো আসন নাপায় বুলি কয়৷ তদুপৰি পশ্চিমবংগত শাসকীয় তৃণমূল কংগ্রেছে কিমানখন আসন পাব, সেই সন্দর্ভত প্রশ্ণ উত্থাপন কৰি প্রধানমন্ত্রী মোদীয়ে তৃণমূল কংগ্রেছে ১৫খনতকৈ অধিক আসন নাপায় বুলি দাবী কৰি বিৰোধীয়ে কিদৰে চৰকাৰ গঠন কৰিব বুলি সমালোচনা কৰে৷ সন্দেশখালীত কি ঘটিছে, কি উদ্ধাৰ হৈছে সেই সকলোবোৰ ৰাজ্যবাসীয়ে দেখিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী বেনার্জীৰ কার্যকালত শান্তি–শৃংখলা নিম্নগামী হৈছে বুলি সমালোচনা কৰে প্রধানমন্ত্রী মোদীয়ে৷ ইপিনে, ‘কা’ সন্দর্ভত মুখ্যমন্ত্রী বেনার্জীক সমালোচনা কৰি প্রধানমন্ত্রী মোদীয়ে কয়– মতুৱাৰ ন্যায় বিচাৰৰ কাৰণে আমাৰ চৰকাৰে ‘কা’ আনিছে৷ সকলোৱে ভাবিছিল তৃণমূল কংগ্রেছে সমর্থন কৰিব৷ কিন্তু তেওঁলোকে ভোটবেংকৰ ৰাজনীতি কৰিছে৷ ‘কা’ৰ বিৰোধিতা কৰিছে৷ তৃণমূলে এটা কথা জনা উচিত যে ‘কা’ তেওঁলোকে বন্ধ কৰিব নোৱাৰে৷ মতুৱাই সকলো চৰকাৰী প্রকল্পৰ সুবিধা পাব৷ কোনেও বন্ধ কৰিব নোৱাৰে৷ বংগৰ শাসকীয় চৰকাৰক সমালোচনা কৰি প্রধানমন্ত্রীগৰাকীয়ে কয় যে দৰিদ্রৰ ৰেচনো তৃণমূলে এৰা নাই৷ সকলোতে দুর্নীতি৷ তৃণমূল তথা ইণ্ডি জোঁটৰ ওপৰত নাগৰিকৰ আস্থা হেৰাইছে৷ কৃষ্ণনগৰৰ ৰাজপৰিয়ালৰ সদস্য তথা বিজেপি প্রার্থী অমৃতা ৰায়ৰ হৈ প্রচাৰ চলোৱা প্রধানমন্ত্রী মোদীয়ে বিশাল ৰোড শ্ব’তো অংশগ্রহণ কৰে৷

You might also like