নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাপানৰ পৰৱর্তী প্রধানমন্ত্রী য়’শ্বিহিডে ছুগা

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ জাপানৰ শাসকীয় দলৰ মুৰব্বী হিচাপে নির্বাচিত হৈছে য়’শ্বিহিডে ছুগা৷ শাসকীয় লিবাৰেল ডেম’ক্রেটিক পার্টী (এলডিপি)ৰ মুৰব্বী হিচাপে ছুগা নির্বাচিত হোৱাৰ পিছত নেতাগৰাকী দেশখনৰ পৰৱর্তী প্রধানমন্ত্রী পদত অধিষ্ঠিত হোৱাটো নিশ্চিত হৈছে৷ উল্লেখনীয় যে ৰক্ষণশীল এল ডি পিৰ ৫৩৪ সাংসদ তথা আঞ্চলিক প্রতিনিধিৰ ৩৭৭গৰাকীয়ে ছুগাৰ পক্ষত ভোটদান কৰিছে৷ আগন্তুক বৃহস্পতিবাৰে দেশখনৰ সংসদে নতুন প্রধানমন্ত্রী নির্বাচন কৰিব৷

শাসকীয় দলৰ মুৰব্বী হিচাপে ছুগা নির্বাচিত হোৱাৰ লগে লগে শ্বিনজো আবেৰ উত্তৰাধিকাৰী হিচাপে ছুগা নির্বাচিত হোৱাটো নিশ্চিত৷ স্মর্তব্য যে শাসকীয় দলৰ মুৰব্বী পদৰ বাবে ছুগাৰ উপৰি নির্বাচনত অৱতীর্ণ হৈছিল প্রাক্তন বিদেশমন্ত্রী ফুমি’ কিশ্বিবা আৰু এল ডি পিৰ প্রাক্তন সম্পাদক প্রধান তথা এটা কার্যকালৰ প্রতিৰক্ষামন্ত্রী ছিগেৰু ইশ্বিবা৷ দুয়োগৰাকী নেতাক বৃহৎ ভোটৰ ব্যৱধানত পৰাভূত কৰিছে ছুগাই৷

You might also like