নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুপৰীয়া মুষলধাৰ বৰষুণত জলমগ্ণ মহানগৰী

ধোঁৱাচাঙত পৌৰ নিগমৰ নিষ্কাষশন আঁচনিঃ আৱর্জনাৰে ভৰিছে নলা–নর্দমা

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ  সোমবাৰে দুপৰীয়া মুষলধাৰ বৰষুণত মহানগৰীৰ বিস্তীর্ণ অঞ্চল জলমগ্ণ হয়৷ দুপৰীয়া প্রায় ১২ বজাত অহা মুষলধাৰ বৰষুণত মহানগৰীৰ চানমাৰি, বামুণীমৈদাম, নুনমাটি, জু–ৰোড, হাতীগাঁও, দিছপুৰ, মথুৰানগৰ, দ্বাৰকানগৰ, কাহিলিপাৰা আৰু গুৱাহাটী ক্লাবকে ধৰি বিভিন্ন অঞ্চলৰ বাট–পথ বুৰ যায়৷ ৰাজপথৰ ওপৰত একাঁঠু পানী জমা হোৱাত যান–বাহনৰ চলাচল বন্ধ হোৱাৰ লগতে শ শ যান–বাহন ৰাজপথত জমা হৈ তীব্র যান–জঁটৰ সৃষ্টি হয়৷ উল্লেখ্য যে এই কৃত্রিম বানৰ ফলত চানমাৰিত কেইবাখনো বাহন বিকল হোৱা বুলি জানিব পৰা গৈছে৷ অৱশ্যে পৰৱর্তী সময়ত বৰষুণ কমাত পানী কমি যায়৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ নলা–নর্দমা আৱর্জনাৰে ভৰি পৰাৰ ফলত নলাৰ পানী বহন ক্ষমতা হ্রাস পাইছে৷ যাৰ ফলত এজাক বৰষুণ দিলেই মহানগৰীৰ বিভিন্ন প্রান্তত কৃত্রিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰে৷ কৃত্রিম বান নিয়ন্ত্রণৰ বাবে ৰাজকোষৰ লাখ লাখ টকা ব্যয় কৰি গুৱাহাটী পৌৰ নিগম তথা গুৱাহাটী উন্নয়ন কর্তৃপক্ষই ইতিপূর্বে বহু আঁচনি গ্রহণ কৰিছে যদিও সেইসমূহ কার্যকৰী নোহোৱাৰ বাবেই এজাক বৰষুণতেই উটি যায় মহানগৰীৰ আভিজাত্য৷ গুৱাহাটী মহানগৰীৰ পানী নিষ্কাশনৰ ব্যৱস্থাটো বিজ্ঞানসন্মত নোহোৱাৰ পৰিপ্রেক্ষিতত ভয়াৱহ ৰূপ লৈছে কৃত্রিম বানে৷ শিলসাঁকো, দীপৰ বিল, ভৰলু নৈ, বাহিনী নৈকে ধৰি বিভিন্ন জলাশয়ত হোৱা বেদখলৰ ফলত মহানগৰীৰ নলা–নর্দমাত জমা হোৱা পানী ওলাই যাব নোৱৰাত ঘণ্টাৰ পিছত ঘণ্টা ধৰি কৃত্রিম বানত আবদ্ধ হৈ থাকিবলগীয়া হয় মহানগৰবাসী৷ মহানগৰীৰ নলা–নর্দমাত জমা হোৱা পানী নিষ্কাশনৰ বাবে পৌৰ নিগম আৰু জলসম্পদ বিভাগে পাম্পছেট বহুৱাইছে যদিও সেয়া পর্যাপ্ত নহয়৷ মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা পানীয়ে যোৰাবাট, খানাপাৰা, পাঞ্জাবাৰী, বতাহঘুলি, চচল, ছয়মাইল, দ্বাৰকা নগৰকে ধৰি বিভিন্ন অঞ্চলত কৃত্রিম বানৰ সৃষ্টি কৰি আহিছে৷ বিজ্ঞানসন্মতভাৱে পানী নিষ্কাশন অথবা জলভাণ্ডাৰৰ দৰে ব্যৱস্থা কৰিলেহে মহানগৰবাসীক কৃত্রিম বান সমস্যাৰ পৰা মুক্ত কৰিব পাৰিব বুলি সচেতন ৰাইজৰ লগতে কেইবাজনো বিশেষজ্ঞই মত পোষণ কৰিছে৷

You might also like