নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইখন বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপোৰ্ট, ভিছামুক্ত ভ্ৰমণ ১৯১ খন দেশলৈ…কিন্তু কোন দেশত আছে?

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ ২০২১ চনত প্ৰকাশ হোৱা বিশ্বব্যাপী ৰেংকিং অনুসৰি, জাপানৰ পাছপোৰ্টক বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপোৰ্ট হিচাপে বৰ্ণনা কৰা হৈছে। জাপানত বাস কৰা লোকসকলে এই পাছপোৰ্টৰ সহায়ত ১৯১ খন দেশ ভিছা-মুক্ত ভাৱে ভ্ৰমণ কৰিব পাৰে। জাপানে বিগত চাৰি বছৰ ধৰি এই ৰেংকিংৰ শীৰ্ষত আছে। তালিকাত ছিংগাপুৰৰ নাম আছে দ্বিতীয় স্থানত।

লগতে পঢ়কঃ গাখীৰ বিক্ৰী কৰি কোটিপতি হ’ল এগৰাকী ৬২ বছৰীয়া মহিলাঃ প্ৰতি মাহে উপাৰ্জন কৰে ৩.৫ লাখ টকা

জাৰ্মানী আৰু দক্ষিণ কোৰিয়াক তালিকাৰ তৃতীয় স্থানত নামাকৰণ কৰা হৈছে। দুয়োখন দেশৰ লোকসকলে ১৮৯ খন দেশত ভিছা-মুক্ত ভ্ৰমণ কৰিব পাৰে। ইয়াৰ উপৰিও তালিকাত চতুৰ্থ স্থানত চাৰিখন দেশ আছে। ইটালী, ফিনলেণ্ড, লকজেমবাৰ্গ আৰু স্পেইনত বাস কৰা লোকসকলে ১৮৮ খন দেশলৈ ভ্ৰমণ কৰিব পাৰে। তালিকাত পঞ্চম স্থানত আছে, অস্ট্ৰিয়া আৰু ডেনমাৰ্ক আৰু এই দেশৰ লোকসকলে ১৮৭ খন দেশত যাত্ৰা কৰিব পাৰে।

এই বছৰ, ৰেংকিংটো হেনলে পাছপোৰ্ট ইণ্ডেক্সৰ দ্বাৰা মুকলি কৰা হৈছে। এই ৰেংকিংবোৰ আন্তৰ্জাতিক এয়াৰ ট্ৰাছপৰ্ট এছোচিয়েছনৰ তথ্যৰ ওপৰত আধাৰিত।

You might also like