নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ কলকাতা পর্যন্ত আক্রমণৰ হুমকি পাকিস্তানৰ

ডিজিটেল ডেস্ক, ৬ এপ্রিল : ভৱিষ্যতে যদি ভাৰত আৰু পাকিস্তান দুয়োখন দেশৰ মাজত কোনো সংঘাত হয় তেনেহ’লে সেয়া আৰু সীমান্ততে সীমাবদ্ধ হৈ নাথাকিব৷ ভাৰতৰ অভ্যন্তৰলৈ সি বিয়পি পৰিব৷ এইবাৰ আক্রমণ কলকাতা পর্যন্ত পাবগৈ৷ পেহেলগাম কাণ্ডৰ বর্ষপূর্তিৰ পূর্বে শনিবাৰে এই ভাষাতেই ভাৰতক হুমকি দিলে পাকিস্তানৰ প্রতিৰক্ষা মন্ত্রী খোৱাজা আছিফে৷

শিয়ালকোটত সাংবাদিকৰ মুখামুখি হৈ মন্ত্রীগৰাকীয়ে কয়- ‘ভাৰতে যদি এইবাৰ মিছা অজুহাতত কোনোধৰণৰ অভিযান চলোৱাৰ চেষ্টা কৰে তেনেহ’লে তাৰ পৰিণতি ভাল নহ’ব৷ এইবাৰ আমি সেই সংঘাতক কলকাতা পর্যন্ত টানি লৈ যাম৷’ তেওঁ দাবী কৰে যে ভাৰতত শীঘ্রেই কোনো ‘ফল্ছ ফ্লেগ’ আক্রমণ হ’ব পাৰে৷ ভাৰতে নিজেই নিজকে ৰক্তাক্ত কৰাৰ ষড়যন্ত্র কৰিছে৷ সমগ্র বিষয়টোক তেওঁলোকে এটা সন্ত্রাসবাদী আক্রমণ হিচাপে দেখুওৱাৰ পৰিকল্পনা কৰিব বুলিও দাবী কৰে তেওঁ৷ অৱশ্যে নিজৰ কথা প্রমাণ কৰিবলৈ তেওঁ কোনো প্রমাণ দিব নোৱাৰিলে৷

তেওঁ আৰু কয়- ‘যদি ভাৰতে এনেধৰণৰ কিবা কৰাৰ চেষ্টা কৰে তেনেহ’লে যোৱা বছৰতকৈও বৃহৎ অপমানৰ সন্মুখীন হ’বলগীয়া হ’ব তেওঁলোকে৷ এইবাৰ সংঘাত ২০০ৰ পৰা ২৫০ কিলোমিটাৰৰ মাজত সীমাবদ্ধ হৈ নাথাকিব৷ আমি তেওঁলোকৰ ভূখণ্ডত প্রৱেশ কৰি তেওঁলোকৰ ঘৰত সোমাই আক্রমণ কৰিম৷’

ইফালে, শেহতীয়াকৈ এক প্রতিবেদনত দাবী কৰা হৈছে যে চলিত মাহতে পাকিস্তানৰ এটা বা ধাৰাবাহিক কেইটামান আক্রমণ হ’ব পাৰে৷ যাৰ নেপথ্যত থাকিব স্বয়ং পাক গুপ্তচৰ সংস্থা আইএছআই৷ ইচ্ছাকৃতভাৱে দেশজুৰি অশান্তিও সৃষ্টি কৰা হ’ব পাৰে৷ এই সমস্ত ঘটনাৰ বাবে দায়ী কৰা হ’ব ভাৰতকে৷ এনে এটি ষড়যন্ত্রই ৰচনা কৰিছে ইছলামাবাদে৷ বিশ্লেষকসকলৰ একাংশৰ মতে, আন্তঃৰাষ্ট্রীয় মঞ্চত সমর্থন আদায় বা কূটনৈতিক সুবিধা পোৱাৰ বাবে এনে ‘ফল্ছ ফ্লেগ’ কৌশল ব্যৱহাৰ কৰাৰ ফন্দি পাতিছে তেওঁলোকে৷

আনহাতে, দীর্ঘদিন ধৰি অর্থনৈতিক সংকট, ৰাজনৈতিক অস্থিৰতা আৰু নিৰাপত্তা সংক্রান্তীয় সমস্যাত জর্জৰিত হৈ আছে পাকিস্তান৷ এনে পৰিস্থিতিত ‘বহিৰাগত শত্রু’ৰ তত্ত্ব উত্থাপন কৰি জনসাধাৰণক একত্রিত কৰাৰো পাং পাতিছে ইছলামাবাদে৷ এইবোৰৰ মাজতে ভাৰতক এনেদৰে সাৱধানবাণী শুনালে৷ সাক্ষাৎকাৰটোত মন্ত্রীগৰাকীয়ে কয়- ‘ভাৰতে যদি ভাবে যে তেওঁলোকে আমাৰ দেশত সোমাই কাৰোবাক মাৰিব তেন্তে আমি হাত সাবটি বহি নাথাকিম৷ আমাৰো ভাৰতত সোমাই মৰাৰ ক্ষমতা আছে৷’

You might also like