নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত ফাটবিহু সমিতিৰ বিহু কৰ্মশালা, তিনি শতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৬ এপ্ৰিল : বসন্তৰ পৰশেৰে মনমোহা প্ৰকৃতিৰ বুকুত এতিয়া অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুক লৈ ৰাজ্যৰ চৌদিশে মধুৰ আলোড়ন । ৰাজ্যৰ চৌদিশে হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা দেখা গৈছে । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা। বাদ পৰি ৰোৱা নাই ঢকুৱাখনাও। নিৰ্বাচনী ধামখুমীয়াৰ মাজতে ঢকুৱাখনাৰ আকাশে-বতাহে গুঞ্জৰি উঠিছে ঢোল-পেঁপাৰ মাত। নিৰ্বাচনী প্ৰচাৰৰ মাজতে এতিয়া বিহুৰ আখৰাত ব্যস্ত কণ কণ শিশুৰ লগতে গাভৰুসকল। ফাটবিহু সমিতিৰ উদ্যোগত ম’হঘুলি চাপৰিৰ ঐতিহাসিক ফাটবিহুৰ বাকৰিত অনুষ্ঠিত হৈ আছে ১২ দিনীয়াকৈ বিনামূলীয়া বিহুনাচৰ লগতে ঢোলবাদন আৰু পেঁপাবাদনৰ কৰ্মশালা।

অসমীয়া সংস্কৃতিৰ সৈতে যাতে আমাৰ উঠি অহা প্ৰজন্মক ওতপ্ৰোতভাৱে জড়িত কৰোৱা আৰু বিহুনাচ-ঢোলৰ ছেও যাতে শুদ্ধকৈ প্ৰতিষ্ঠা হয় সেই উদ্দেশ্যৰে আয়োজন কৰা বিহুনাচ, বিহুনাম, ঢোলবাদন আৰু পেঁপাবাদন কৰ্মশালাত অংশ লৈছে ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰ তিনি শতাধিক প্ৰশিক্ষাৰ্থীয়ে। ২ এপ্ৰিলৰ পৰা কেইবাগৰাকী অভিজ্ঞ প্ৰশিক্ষকৰ তত্ত্বাৱধানত কণমানিগৰাকীৰ পৰা আৰম্ভ কৰি গাভৰুলৈকে এতিয়া ফাটবিহু বাকৰিত ঢোল-পেঁপাৰ লহৰত কঁকাল ভাঙি শিকিছে নাচিবলৈ, শিকিছে বিহুনাম জুৰিবলৈ।

আনফালে, কণমানি ঢুলীয়াৰ সুতীব্ৰ চাপৰত কঁপি উঠিছে সমগ্ৰ বিহু বাকৰি। প্ৰশিক্ষাৰ্থীসকলৰ সুললিত বিহুনাম, বাঁহী, ঢোল আৰু পেঁপাৰ উত্তাল মাতত ৰজনজনাই উঠা ঐতিহাসিক ফাটবিহু বাকৰিৰ বিহু আখৰা চাবলৈও ভিৰ কৰিছেহি শ শ বিহুপ্ৰেমী আৰু অভিভাৱকে। কণ কণ শিশু, কিশোৰ-কিশোৰীসকলক বিহু সংস্কৃতিৰ প্ৰতি আগ্ৰহ বৃদ্ধি আৰু বিহুনাচ, বিহুনাম আৰু বিহুৰ বাদ্যক সঠিক ৰূপত উপস্থাপনৰ বাবে নতুন চামক প্ৰশিক্ষণ প্ৰদানৰ বাবে যোৱা চাৰিটা বছৰে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ফাটবিহু সমিতিয়ে।

You might also like