খামেনেইৰ অন্তিম বিদায় অনুষ্ঠান স্থগিত
আমেৰিকা-ইজৰাইলৰ আক্ৰমণত নিহত হোৱা ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইৰ অন্তিম বিদায় অনুষ্ঠান স্থগিত কৰা হৈছে।
আনুষ্ঠানিক সূত্ৰৰ তথ্য অনুসৰি নিৰাপত্তাজনিত কাৰণত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দেশজুৰি উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’বলগীয়া অন্তিম অনুষ্ঠান পিছুৱাই দিয়া হৈছে বুলি জনোৱা হৈছে।
উল্লেখ্য যে শেহতীয়াকৈ আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ পিছত ইৰানত পৰিস্থিতি যথেষ্ট সংকটজনক হৈ পৰিছে। এনে অৱস্থাত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি ৰাখিবলৈ চৰকাৰে এই পদক্ষেপ লোৱা বুলি অনুমান কৰা হৈছে।
ডিজিটেল ডেস্ক, ৪ মাৰ্চ