নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দহ-পোন্ধৰ দিনৰ সময় বান্ধি দি ইৰানক সাৱধানবাণী মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ

নিউজ ডেস্ক, ২১ ফেব্রুৱাৰী : পুনৰ ইৰানৰ বিৰুদ্ধে ৰঙাচকু দেখুৱালে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ এইবাৰ পৰিস্থিতি বেয়া হোৱাৰ সাৱধানবাণী শুনাই তেহৰানক বুজাপৰালৈ আহিবলৈ আহ্বান জনায় তেওঁ৷ ইৰানে কিমান দিনৰ ভিতৰত এই বুজাপৰালৈ আহিবলৈ ৰাজী হ’ব লাগিব, তাকো জনাই দিছে ট্রাম্পে৷ তেওঁৰ ভাষাত ১০ৰ পৰা ১৫ দিন যথেষ্ট সময়৷

বৃহস্পতিবাৰে ৱাশ্বিংটনত ট্রাম্পে গঢ় দিয়া শান্তি পৰিষদৰ (ব’ৰ্ড অৱ পীচ) সদস্যসকলৰ প্রথমখন বৈঠক আছিল৷ যুদ্ধবিধ্বস্ত গাজাৰ পুনৰ গঠনৰ বাবে এই ব’ৰ্ড অৱ পীচ গঠন কৰে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে৷ এই বৈঠকৰ আৰম্ভণিতে প্রদান কৰা ভাষণত ট্রাম্পে কয়– কিছু বছৰ ধৰি এইটো প্রমাণিত হৈছে যে ইৰানৰ সৈতে গুৰুত্বপূর্ণ বুজাপৰালৈ অহাটো সম্ভৱ নহয়৷ আমি এটা গুৰুত্বপূর্ণ বুজাপৰালৈ আহিবই লাগিব৷ নহ’লে পৰিস্থিতি বেয়া হ’ব পাৰে৷

লগতে ট্রাম্পে আৰু কয়– ইৰানে নিশ্চয়কৈ বুজাপৰালৈ অহা উচিত৷ নহ’লে কিবা বেয়া ঘটনা ঘটিব পাৰে৷ কিন্তু এই বেয়া কিবা ঘটাৰ বিশদ ব্যাখ্যা নিদিলে ট্রাম্পে৷ পিছত নিজৰ বিমান এয়াৰফ’ৰ্চ ৱানত উঠি ট্রাম্পে ইৰানক বুজাপৰালৈ অহাৰ বাবে সময় বান্ধি দিয়ে৷ তেওঁ কয় যে ১০ৰ পৰা ১৫ দিন বহু বেছি সময়৷ বুজাপৰালৈ নাহিলে দুর্ভাগ্যজনক কিবা হ’ব পাৰে৷

You might also like