নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাওখোৱা অভয়াৰণ্যত উচ্ছেদ অভিযান, প্ৰায় ৫০ বিঘা ভূমি মুকলি

লাওখোৱা অভয়াৰণ্যত আজি পুৱাৰ ভাগতেই বন বিভাগে এক বৃহৎ উচ্ছেদ অভিযান চলায়। অভয়াৰণ্যৰ পূব ফুটালজাৰ এলেকাত অবৈধ দখলমুক্ত কৰিবলৈ এই অভিযান গ্ৰহণ কৰা হয়।

জানিব পৰা মতে, অভয়াৰণ্যৰ ভূমিত অবৈধভাৱে কঠীয়া লগোৱা হৈছিল। খবৰ লাভ কৰাৰ পাছতে লাওখোৱা অভয়াৰণ্যৰ আঞ্চলিক বন বিষয়া মুকুট ৰাভাৰ নেতৃত্বত বন বিভাগৰ দলে উচ্ছেদ অভিযান আৰম্ভ কৰে।

তিনিটা হাতীৰ সহায়ত বনকৰ্মীসকলে প্ৰায় ৫০ বিঘা ভূমিত চলোৱা অভিযানত অবৈধ দখল উচ্ছেদ কৰে। অভিযানকালত এলেকাটোত সুৰক্ষা ব্যৱস্থাও কটকটীয়া কৰা হৈছিল।

বন বিভাগে জনোৱা মতে, অভয়াৰণ্যৰ ভূমিত কোনো ধৰণৰ অবৈধ দখল সহ্য কৰা নহ’ব আৰু আগন্তুক দিনতো এনে অভিযান অব্যাহত থাকিব।

ডিজিটেল ডেস্ক, ২১ ফেব্ৰুৱাৰী

You might also like