ইউৰোপীয় দেশৰ পৰা ৫ হাজাৰ সেনা প্রত্যাহাৰ ট্রাম্পৰ
ডিজিটেল ডেস্ক, ৩ মে’ : ইৰানৰ সৈতে আমেৰিকা যি যুদ্ধত জড়িত হৈ পৰিছে তাত ইউৰোপৰ বন্ধু দেশসমূহৰ পৰা কাংক্ষিত সাহায্য পোৱা নাই আমেৰিকাই৷ কেইবাখনো দেশে যুদ্ধত জড়িত হ’বলৈ বিচৰা নাই৷ কোনো কোনো দেশে আনকি লুক–ঢাক নকৰাকৈয়ে মার্কিন নীতিৰ সমালোচনাও কৰিছে৷
যোৱা কেইবাসপ্তাহ ধৰি ইউৰোপৰ এই ভূমিকাত ক্ষোভ উজাৰিছিল ৰাষ্ট্রপতি ট্রাম্পে৷ এইবাৰ পদক্ষেপ গ্রহণৰ সিদ্ধান্ত লৈ পেলালে৷ নাটোৰ সদস্য দেশৰ পৰা ৫ হাজাৰ মার্কিন সেনা প্রত্যাহাৰ কৰিলে তেওঁ৷ আন্তঃৰাষ্ট্রীয় মর্চা নাটোৰ অন্যতম সদস্য ৰাষ্ট্র জার্মানী৷ যোৱা কিছুদিন ধৰি ইউৰোপৰ এই দেশখনৰ সৈতে আমেৰিকাৰ এই সংঘাত প্রকট হৈ পৰিছে৷ জার্মান চেঞ্চেলৰ ফ্রেডৰিখ মের্জে প্রকাশ্যে দাবী কৰিছে যে ইৰানৰ দ্বাৰা ‘অপমানিত’ হৈছে আমেৰিকা৷ তেওঁৰ এই মন্তব্যৰ সমালোচনা কৰে পেণ্টাগনে৷