নিয়মীয়া বাৰ্তা, নতুন বজাৰ, ৩ মে’ : মাজুলীৰ ঐতিহ্যমণ্ডিত মুগাশিল্পক বিশ্ব দৰবাৰত অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰা আৰু থলুৱা পালকসকলৰ সমস্যাসমূহৰ বুজ লোৱাৰ লক্ষ্যৰে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে মাজুলীৰ জিলা আয়ুক্ত সৃষ্টি সিংহই। ২ মে’ তাৰিখে জিলা আয়ুক্তগৰাকীয়ে উজনি মাজুলীৰ ৰতনপুৰ চক্ৰৰ অন্তৰ্গত এনাইচুক, চাউৰেকীয়া আৰু নয়াবজাৰ অঞ্চলৰ কেইবাগৰাকীও মুগাপালকৰ চুমনিত উপস্থিত হৈ চলিত মুগা পালনৰ স্থিতি তন্ন তন্নকৈ পৰীক্ষা কৰে।
পৰিদৰ্শন কালত জিলা আয়ুক্তগৰাকীয়ে মুগাপালকসকলৰ সৈতে পোনপটীয়া মত বিনিময়ত মিলিত হয়। পালকসকলে আয়ুক্তগৰাকীক অৱগত কৰে যে মুগা পালন কেৱল এক পৰম্পৰাগত বৃত্তিয়েই নহয়, ইয়াৰ জৰিয়তে তেওঁলোক আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে জীৱন ধাৰণৰ মানো উন্নত কৰিবলৈ সক্ষম হৈছে। গ্ৰাম্য অৰ্থনীতিৰ এই বলিষ্ঠ উত্থানক জিলা আয়ুক্তগৰাকীয়ে উচ্চ প্ৰশংসা কৰে।
জিলা আয়ুক্তগৰাকীয়ে মুগাপালকসকলক আশ্বাস দিয়ে যে মাজুলীৰ মুগাশিল্পক ভৱিষ্যতে অধিক আধুনিক আৰু বৈজ্ঞানিক পদ্ধতিৰে আগুৱাই নিয়াৰ প্ৰচেষ্টা চলোৱা হ’ব। থলুৱা পালকসকলক চৰকাৰীভাৱে যাৱতীয় সকলো সহায়-সহযোগিতা আগবঢ়োৱা হ’ব। মাজুলীৰ মুগাই যাতে বিশ্ব বজাৰত এক সুকীয়া পৰিচয় লাভ কৰিব পাৰে, তাৰ বাবে জিলা প্ৰশাসনে বিশেষ গুৰুত্ব প্ৰদান কৰিব। জিলা প্ৰশাসনৰ এই তৎপৰতাই এতিয়া মাজুলীৰ মুগাপালকসকলৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে।