নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী ভূমি দখল কৰি পঢ়িব নোৱাৰিব নামাজ, এলাহাবাদ হাইক’ৰ্টৰ ঐতিহাসিক ৰায়দান

ডিজিটেল ডেস্ক, ৩ মে’ : চৰকাৰী বা সাধাৰণ নাগৰিকে ব্যৱহাৰ কৰা ভূমি কোনো বিশেষ ধর্মীয় কার্যকলাপৰ বাবে স্থায়ীভাৱে বা বাৰে বাৰে ব্যৱহাৰৰ বাবে দখল কৰিব পৰা নাযাব৷ নামাজ পঢ়াক লৈ উত্থাপিত এটা গোচৰত এই ঐতিহাসিক ৰায়দান কৰে এলাহাবাদ হাইক’র্টে৷

আদালতে স্পষ্টকৈ কৈছে যে ভাৰতৰ সংবিধানে যিকোনো ব্যক্তিকে ধর্মাচৰণৰ স্বাধীনতা দিছে৷ কিন্তু জনস্বার্থ বা সামাজিক শৃংখলা ভংগ কৰি কোনোৱে ধর্ম পালন কৰিব নোৱাৰে৷ উত্তৰ প্রদেশৰ চম্ভল জিলাৰ ইকোন গাঁৱৰ এজন ব্যক্তিয়ে দাবী কৰিছিল যে তেওঁক নিজৰ মালিকানাধীন ভূমিত সমৱেত হৈ নামাজ পঢ়িবলৈ বিচাৰে৷ সেইবাবে নিৰাপত্তাৰ প্রয়োজন৷ কিন্তু চৰকাৰে কয় যে সেই ভূমিৰ মালিকানা সংক্রান্তত কোনো নির্দিষ্ট প্রমাণ দিব পৰা নাই তেওঁ৷ আবেদনকাৰীয়ে বাহিৰৰ লোকক মাতি আনি তাত সমৱেত কৰিবলৈ বিচাৰিছিল, সেইটোৱে এলেকাটোৰ সম্প্রীতি আৰু সামাজিক ভাৰসাম্য নষ্ট কৰিব পাৰে৷

আদালতে স্পষ্টভাৱে জনায় যে চৰকাৰী বা সর্বসাধাৰণৰ ব্যৱহূত ভূমি ধর্মীয় কার্যকলাপৰ বাবে দখল কৰিব পৰা নাযায়৷

You might also like