নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি-২০ বিশ্বকাপত বিশেষ নজিৰ গঢ়িব উগাণ্ডাৰ ফ্রেংকে

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ মে’ : ক্রিকেট জগতত উগাণ্ডা কোনো চিনাকি নাম নহয়৷ অৱশ্যে আফ্রিকান দেশখনে আগন্তুক টি-২০ বিশ্বকাপৰ অন্যতম প্রতিদ্বন্দ্বী৷ দেশখনৰ এজন ক্রিকেটাৰে টি-২০ বিশ্বকাপখনত গঢ়িব এক নতুন নজিৰ৷ ৰুৱাণ্ডাক পৰাস্ত কৰি প্রথমবাৰৰ বাবে আইচিচি টি-২০ বিশ্বকাপত খেলাৰ যোগ্যতা অর্জন কৰিছে উগাণ্ডাই৷ সোমবাৰে উগাণ্ডাই বিশ্বকাপৰ বাবে ১৫জনীয়া দলটো ঘোষণা কৰিছে৷ দলটোত আছে ৪৩ বছৰীয়া অফস্পিনাৰ ফ্রেংক এনছুবুগা৷ ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত ২ জুনৰ পৰা আৰম্ভ হ’বলগীয়া আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ দলটোৰ মূল একাদশত স্থান লাভ কৰিলেই ৪৩ বছৰীয়া ফ্রেংক এনছুবুগাই টি-২০ বিশ্বকাপত বয়োজ্যেষ্ঠ ক্রিকেটাৰ হিচাপে অভিষেক ঘটোৱাৰ নজিৰ গঢ়িব৷ প্রবীণ অফস্পিনাৰগৰাকীয়ে এতিয়ালৈ দেশখনৰ হৈ ৫৪খন টি-২০ মেচ খেলি ৫৫টা উইকেট দখল কৰিছে৷ তেওঁৰ শ্রেষ্ঠ বলিং প্রদর্শন হ’ল ৯ ৰানত তিনিটা উইকেট৷ ১৯৯৭ চনত প্রথমবাৰৰ বাবে আইচিচি ট্রফীত উগাণ্ডাৰ হৈ খেলিছিল এনছুবুগাই৷ উল্লেখ্য যে তিনি জুনত আফগানিস্তানৰ বিপক্ষে খেলি টি-২০ বিশ্বকাপৰ অভিযান চলাব উগাণ্ডাই৷

You might also like