নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনপ্রিয় মুখ্যমন্ত্রীৰ তৃতীয় স্থানত ড০ শর্মা

🔹 বহুল প্রচলিত ‘ইণ্ডিয়া টুডে’ৰ সমীক্ষা

🔹 শীর্ষত ওড়িশাৰ নবীন পাটনায়ক, দ্বিতীয়ত উত্তৰ প্রদেশৰ যোগী আদিত্যনাথ

বিশেষ বাৰ্তা, ১০ ফেব্রুৱাৰী : একাধিক ব্যতিক্রমী সিদ্ধান্ত আৰু কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপৰ বাবে দেশৰ ৰাজনৈতিক ক্ষেত্রখনত সততে চর্চাত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা দেশৰ তৃতীয় স্থানৰ জনপ্রিয় মুখ্যমন্ত্রী ৰূপে পৰিগণিত হৈছে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ বহুল প্রচাৰিত ‘ইণ্ডিয়া টুডে’ৰ এটা সমীক্ষাত মুখ্যমন্ত্রীগৰাকীৰ জনপ্রিয়তাৰ এই ঈর্ষণীয় তথ্য প্রকাশ পাইছে৷ সমীক্ষাটোত প্রকাশ পোৱা অনুসৰি, তালিকাখনৰ শীর্ষত আছে ওড়িশাৰ মুখ্যমন্ত্রী নবীন পাটনায়ক৷ তেওঁৰ পিছতে স্থান লাভ কৰিছে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে৷ ‘ইণ্ডিয়া টুডে’ই সমীক্ষাটো ১০খন ৰাজ্যৰ মুখ্যমন্ত্রীক লৈ চলাইছিল৷ সমীক্ষাটোত মুখ্যমন্ত্রী ড০ শর্মাই ৪৮.৬ শতাংশৰ সমর্থন লাভ কৰিছে৷ উল্লেখ্য যে সমীক্ষাটোত ১০খন ৰাজ্যৰ একাংশ নাগৰিকক সংশ্লিষ্ট ৰাজ্যখনৰ মুখ্যমন্ত্রীয়ে কৰা কাম–কাজৰ ভিত্তিত মূল্যায়ন কৰিবলৈ দিয়া হৈছিল৷ উদাহৰণস্বৰূপে ওড়িশাৰ মুঠ ৩৭৬০জন নাগৰিকৰ ভিতৰত ৫২.৭ শতাংশই ৰাজ্যখনত মুখ্যমন্ত্রী নবীন পাটনায়কৰ সমর্থনত নম্বৰ প্রদান কৰিছিল৷ আনহাতে, উত্তৰ প্রদেশত ৬৭০৩জন নাগৰিকৰ ৫১.৩ শতাংশই যোগী আদিত্যনাথৰ প্রদর্শনত সন্তুষ্টি প্রকাশ কৰে৷ ইপিনে, যোৱা জানুৱাৰী মাহত অসমত চলোৱা সমীক্ষাত ৰাজ্যখনত ৬৮ শতাংশ লোকে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রদর্শনত সন্তুষ্টি প্রকাশ কৰে৷ ইয়াৰ জৰিয়তে ড০ হিমন্ত বিশ্ব শর্মা গৃহৰাজ্যত জনপ্রিয় মুখ্যমন্ত্রী হিচাপে দেশৰ তৃতীয় স্থান লাভ কৰে৷ ইয়াৰ বিপৰীতে বিগত বর্ষৰ ২৯ আগষ্টলৈ তেওঁৰ জনপ্রিয়তাৰ হাৰ ৪৯ শতাংশলৈ অৱনমিত হৈছিল৷ মুখ্যমন্ত্রী ড০ শর্মাৰ জনপ্রিয়তা হ্রাস হোৱাৰ অন্যতম কাৰণ হিচাপে সমীক্ষাত কোৱা হৈছে যে বিজেপিৰ ভিতৰচ’ৰাত একাংশ জ্যেষ্ঠ নেতাই দলত একাষৰীয়া হোৱাৰ উদ্বেগ মুকলিকৈ প্রকাশ কৰিছিল, যাক লৈ যথেষ্ট বিতর্কৰ সৃষ্টি হৈছিল৷ সমান্তৰালভাৱে সমষ্টি পুনৰ নির্ধাৰণৰ ক্ষেত্রত বহু সমষ্টি বিলুপ্ত হোৱা আৰু জনগাঁথনিৰ পৰিৱর্তনৰ শংকা গা কৰি উঠা বাবেও তেওঁৰ জনপ্রিয়তাত নেতিবাচক প্রভাৱ পৰিছিল৷ কিন্তু এনে বিপৰীত পৰিৱেশৰ পিছতো গৃহৰাজ্যত অন্যতম জনপ্রিয় মুখ্যমন্ত্রী হিচাপে তেওঁ নিজৰ স্থিতি ধৰি ৰাখিবলৈ সক্ষম হৈছে৷ সমীক্ষা অনুসৰি এগৰাকী হিন্দু ব্রাহ্মণ হিচাপে মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণ কৰা ড০ শর্মাই ৰাজ্যখনৰ পৰম্পৰা আৰু সংস্কৃতিক বিশেষ গুৰুত্ব প্রদান কৰি আহিছে৷ সেই দিশৰ পৰা মুখ্যমন্ত্রীগৰাকী গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিৰ দৰে মুখ্যমন্ত্রীৰ একেশাৰীত থিয় দি ৰাজ্যৰ অন্যতম মুখ্যমন্ত্রী হিচাপে পৰিগণিত হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ এই কালছোৱাতে ধনৰ বিনিময়ত চাকৰি কেলেংকাৰি আৰু একাংশ বিজেপি নেতাই চাকৰিৰ বিনিময়ত ধন সংগ্রহ কৰা বিষয়টোৱে যথেষ্ট প্রতিক্রিয়াৰ সৃষ্টি কৰিছিল আৰু এনেধৰণৰ নেতাসকল গ্রেপ্তাৰ হোৱাক লৈও দলৰ-চৰকাৰৰ ভাবমূর্তি কিছু ম্লান হৈছিল৷ এনে প্রত্যাহ্বানৰ পিছতো মুখ্যমন্ত্রী ড০ শর্মাৰ নেতৃত্বক ৰাজ্যৰ গৰিষ্ঠসংখ্যক জনসাধাৰণে সমর্থন দিছে আৰু এই সমর্থনে চৰকাৰখনৰ শক্তিশালী আধাৰ হিচাপে প্রতিফলিত হৈছে৷ চাকৰি নিযুক্তিৰ ক্ষেত্রত স্বচ্ছতা নিশ্চিত কৰা আৰু দলৰ ভিতৰত সমস্যা সমাধানত গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মা অসমৰ ৰাজনৈতিক ক্ষেত্রত নিজৰ শক্তিশালী স্থিতি প্রদর্শন কৰিবলৈ সক্ষম হৈছে৷

You might also like