মোজতাবাৰ মূৰৰ দাম ১ কোটি ডলাৰ নির্ধাৰণ আমেৰিকাৰ
ডিজিটেল ডেস্ক, ১৫ মার্চ : ইৰানৰ নতুন সর্বোচ্চ ধর্মীয় নেতা মোজতাবা খামেনেইৰ মূৰৰ দাম ঠিক কৰিলে আমেৰিকাই৷ শুকুৰবাৰে মার্কিন বিদেশ মন্ত্রালয়ৰ তৰফৰ পৰা জনোৱা মতে মোজতাবাই ক’ত আত্মগোপন কৰি আছে, সেই খবৰ দিওঁতাজনক পুৰস্কৃত কৰা হ’ব৷ সেই পুৰস্কাৰৰ অংকও ঘোষণা কৰিছে তেওঁলোকে৷ কেৱল মোজতাবাই নহয়, ইৰানৰ ৰিভলুচনেৰী গার্ড ক’ৰ (আইআৰজিচি)ৰ কেইবাজনো শীর্ষ বিষয়াৰ বিৰুদ্ধেও পুৰস্কাৰ ঘোষণা কৰা হৈছে৷
এটা বিবৃতি জাৰি কৰি আমেৰিকাৰ তৰফৰ পৰা জনোৱা হৈছে যে আইআৰজিচিৰ শীর্ষ কর্তাসকলৰ সন্ধান চলোৱা হৈছে৷ এই লোকসকলে বিশ্বত সন্ত্রাসবাদক উচটনি দি আছে৷ যদি কাৰোবাৰ ওচৰত আইআৰজিচিৰ এই নেতাসকলৰ খবৰ থাকে, তেনেহ’লে আমেৰিকাক তেওঁলোকে জনাব পাৰে৷ যিয়ে এই খবৰ দিব পাৰিব তেওঁকেই আর্থিক পুৰস্কাৰ দিয়া হ’ব৷
আমেৰিকাই কেৱল মোজতাবাৰেই মূৰৰ দাম নির্ধাৰণ কৰিছে ১ কোটি মার্কিন ডলাৰ (ভাৰতীয় মুদ্রাৰ হিচাপত ৯২.৪৭ কোটি টকা)৷ বিবৃতিটোত উল্লেখ কৰা হৈছে কাৰ বিৰুদ্ধে পুৰস্কাৰ ঘোষণা কৰা হৈছে৷ এই তালিকাত আছে ইৰানৰ নতুন সর্বোচ্চ নেতা তথা প্রয়াত আয়াতুল্লা আলী খামেনেইৰ পুত্র মোজতাবা, সর্বোচ্চ নেতাৰ বিভাগৰ ডেপুটী চীফ অৱ ষ্টাফ আলী আজগৰ হেজাই, ইৰানৰ নিৰাপত্তাপ্রধান আলী লাৰিজাৰিসহ কেইবাজনো শীর্ষ নেতা৷ আইআৰজিচিৰ যিসকলৰ বিৰুদ্ধে পুৰস্কাৰ ঘোষণা কৰা হৈছে তেওঁলোকৰ ১০জনৰ ভিতৰত ৬জনৰ ছবি প্রকাশ কৰা হৈছে৷ বাকী চাৰিজনৰ নাম প্রকাশ কৰিলেও ছবি নথকা বাবে সেইসমূহ প্রকাশ কৰা নাযায় বুলি বিবৃতিটোত কোৱা হৈছে৷ ইৰানৰ বিৰুদ্ধে সামৰিক অভিযানৰ তৃতীয় সপ্তাহত এয়া এক গুৰুত্বপূর্ণ সিদ্ধান্ত আমেৰিকাৰ৷