নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেনিজুৱেলাৰ ৰাষ্ট্রপতি মাদুৰোৰ বর্তমানৰ ঠিকনা ‘পৃথিৱীৰ নৰক’

নিউজ ডেস্ক, ৬ জানুৱাৰী : ভেনিজুৱেলাৰ ৰাষ্ট্রপতি নিকোলাছ মাদুৰোক তেওঁৰ পত্নীৰ সৈতে বন্দী কৰি ব্রুকলিনৰ মেট্র’পলিটান ডিটেনচন চেণ্টাৰত ৰখা হৈছে৷ শনিবাৰে নিশা পেণ্টাগনৰ ডেল্টা বাহিনীয়ে দুয়োকে প্রাসাদৰ শোৱনি কোঠাৰ পৰা লৈ আহিছিল৷ বর্তমান যিখন জে’লত মাদুৰোক বন্দী কৰি ৰখা হৈছে সেই মেট্র’পলিটান ডিটেনচন চেণ্টাৰটোক ‘পৃথিৱীৰ নৰক’ বুলি আখ্যা দিয়ে বহুতে৷ নামী–দামী তাৰকা তাত বন্দী হৈ থকা সত্ত্বেও সেই জে’লখন ইমানেই বিশৃংখলাৰে ভৰা যে আমেৰিকাৰ কিছুমান বিচাৰকেও সেইখন জে’ললৈ বন্দী পঠিয়াবলৈ ৰাজি নহয়৷

উল্লেখ্য যে ব্রুকলিনৰ মেট্র’পলিটান ডিটেনচন চেণ্টাৰ বা এমডিচি ব্রুকলিন খোলা হয় ১৯৯০ দশকৰ প্রথমভাগত৷ বর্তমান এই জে’লখনত বন্দী হৈ আছে প্রায় ১,৩০০জন লোক৷ মেনহাটন আৰু ব্রুকলিনৰ ফেডাৰেল আদালতৰ বিচাৰাধীন অভিযুক্তসকলৰ নিয়মিত যাতায়াত এই এমডিচিৰ৷ মূলতঃ হোৱাইট কালাৰ অপৰাধত অভিযুক্ত, গেংষ্টাৰ আৰু নিচাসক্তসকলক ৰখা হয় এই জে’লখনত৷ তাতেই বন্দী হৈ আছে ভেনিজুৱেলাৰ প্রাক্তন ৰাষ্ট্রপতিগৰাকী৷

অৱশ্যে এই জে’লত বন্দী হৈ থকা মাদুৰোৱে একমাত্র ৰাষ্ট্রপতি নহয়, ইতিপূর্বে হান্দুৰাছৰ প্রাক্তন ৰাষ্ট্রপতি জুৱান অ’র্লেন্দো হার্নাণ্ডেজকো আমেৰিকাত কোকেইন সৰবৰাহৰ অভিযোগত ৪৫ বছৰৰ কাৰাদণ্ড দিছিল মার্কিন আদালতে৷

You might also like