নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰাৰ বটলত ‘গাড়ী চলোৱাৰ সময়ত সুৰাপান নকৰিব’সম্বলিত ষ্টিকাৰ

বিশেষ বাৰ্তা, ১২ জানুৱাৰীঃ পথ পৰিবহণ মন্ত্রালয়ৰ নির্দেশনাত অসমত পৰিবহণ বিভাগৰ উদ্যোগত ১৭ জানুৱাৰীলৈ আৰম্ভ হোৱা পথ সুৰক্ষা সপ্তাহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে পৰিবহণ মন্ত্রী পৰিমল শুক্লবৈদ্যই৷ এই উপলক্ষে খানাপাৰাৰ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত উপস্থিত থাকি মন্ত্রীগৰাকীয়ে পৰিবহণ বিষয়াসকলক উদ্দেশ্যি কয় যে নিয়ম ভাঙি অধিক সামগ্রী কঢ়িওৱা, বেছি স্পীডত গাডী চলোৱা কাকো এৰি নিদিব৷ লাগিলে নীতি–নিয়মৰ মাজত থাকি ব্যৱসায় কৰিব নোৱাৰিলে যান–বাহনৰ গৰাকীয়ে গাড়ী বিক্রী কৰি দিয়ক৷ ইফালে যান–বাহনৰ বিভিন্ন সন্থাৰ অধীনৰ চালক, গাডীৰ গৰাকীক যান–বাহনৰ নিয়ম–নীতি শিকাবলৈ কর্মশালাৰ আয়োজন কৰিবলৈ তেওঁ জিলা পৰিবহণ বিষয়াসকলক নির্দেশ দিয়ে৷ আনহাতে আবকাৰী বিভাগৰো দায়িত্ববাহী মন্ত্রীগৰাকীয়ে ৰাজ্যৰ প্রতিটো সুৰাৰ বটলত শীঘ্রেই সকলোৱে দেখাকৈ ‘গাড়ী চলোৱাৰ সময়ত সুৰাপান নকৰিব’ শীর্ষক ষ্টিকাৰ লগোৱাৰ ব্যৱস্থা কৰিবলৈও বিভাগৰ প্রধান সচিবক নির্দেশ দিয়ে৷ অনুষ্ঠানৰ আৰম্ভণিতে আদৰণী ভাষণ আগবঢ়াই পৰিবহণ সচিব আৰু আয়ুক্ত আদিল খানে তীব্রগতি, সুৰাপান আদিয়েই পথ দুর্ঘটনাৰ মূল কাৰণ বুলি মন্তব্য কৰি অনাগত দিনত পথ সুৰক্ষাক জন–ভিযানলৈ ৰূপান্তৰিত কৰাৰ পোষকতা কৰে৷ অনুষ্ঠানত লোকনির্মাণ বিভাগৰ বিশেষ সচিব দেৱজিৎ ভূঞা, স্বাস্থ্য বিভাগৰ অতিৰিক্ত সঞ্চালক কৃষ্ণা কেম্প্রাই, মহানগৰ আৰক্ষীৰ উপ–আৰক্ষী আয়ুক্ত মৌচুমী কলিতায়ো পথ সুৰক্ষাৰ ক্ষেত্রত নিজ নিজ বিভাগসমূহৰ পৰা হাতত লোৱা বিভিন্ন পদক্ষেপ সন্দর্ভত বক্তব্য আগবঢ়ায়৷ বিভিন্ন দুর্ঘটনাগ্রস্ত অঞ্চলত যিকোনো সময়ত সংঘটিত দুর্ঘটনাগ্রস্তক স্বইচ্ছাই আগবাঢ়ি আহি সহায় কৰা লোকৰ মাজৰ পৰা ৩গৰাকী ‘পথ সুৰক্ষা মিত্র’ বাছনি কৰি স্বাস্থ্য আৰু দুর্যোগ বিভাগৰ সহযোগত প্রশিক্ষণ দি আজিৰ অনুষ্ঠানত অত্যাধুনিক সা–সৰঞ্জামযুক্ত কীট বিতৰণ কৰা হয়৷ ইফালে দুর্ঘটনাগ্রস্ত লোকক সহায় কৰি জীৱনদান কৰা দুগৰাকী ব্যক্তি ক্রমে পার্থজ্যোতি বৰুৱা আৰু মানসজ্যোতি গগৈক ‘গুড চামাৰটেৰিয়ান’ আইনৰ অধীনত ৰাজ্যিক পথ সুৰক্ষা সমিতিৰ তৰফৰ পৰা পাঁচ হাজাৰ টকাকৈ উদ্গনিমূলক বঁটা আগবঢ়ায় পৰিবহণ মন্ত্রী পৰিমল শুক্লবৈদ্যই৷ সুৰাপান কৰি গাডী চলোৱা চালকক তাৎক্ষণিকভাৱে অত্যাধুনিক মেচিনেৰে চিনাক্তকৰণৰ বাবে অতিৰিক্ত আৰক্ষী আয়ুক্ত মৌচুমী কলিতাৰ হাতত তিনিটা ‘ব্রেথ এনালাইজাৰ’ প্রদান কৰা হয়৷ একেদৰে মহানগৰ জিলা পৰিবহণ বিষয়া প্রৱর্তকৰ হিমাংশু কুমাৰ দাসক এটা পাব্লিক এনাউঞ্চছিষ্টেম প্রদান কৰা হয়৷ অনুষ্ঠানত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে শলাগৰ শৰাই আগবঢ়াই সকলোকে ধন্যবাদ জ্ঞাপন কৰে৷

You might also like