জন্মদিনৰ পার্টী আয়োজন কৰি বিপাঙত ফুটবলাৰ য়ামাল
🔹 খর্বকায় লোকক বিনোদনৰ আহিলা হিচাপে ব্যৱহাৰৰ অভিযোগ
নিউজ ডেস্ক, ১৭ জুলাই : ১৮ বছৰত পদার্পণ কৰিয়েই বিতর্কত জড়িত হৈ পৰিল লেমিনে য়ামাল৷ জন্মদিনৰ পার্টী আয়োজন কৰি বিপাঙত পৰিছে এইগৰাকী স্পেইনৰ যুৱ তাৰকা৷ তেওঁৰ বিৰুদ্ধে প্রতিবন্ধী আইন ভংগৰ অভিযোগ উত্থাপন হৈছে৷ সাবালক হোৱাৰ জন্মদিনটো স্মৰণীয় কৰি ৰাখিব বিচাৰিছিল বার্চিলোনাৰ ফুটবলাৰগৰাকীয়ে৷ সেইবাবে স্পেইনৰ ইবিজাত আয়োজন কৰিছিল পার্টীৰ৷ আমন্ত্রিত হৈছিল বার্চিলোনাৰ দুই সতীর্থ আলেজান্দ্রো বালাবে আৰু গাভী৷ বিনোদনৰ বাবে পার্টীলৈ কেইবাজনো বাওনা লোকক ভাৰা কৰি আনিছিল য়ামালে৷ অতিথিসকলৰ আনন্দৰ বাবেই তেওঁলোকক অনা হৈছিল৷ সেইবাবে বিপাঙত পৰে ১৮ বছৰীয়া ফুটবলাৰগৰাকী৷
এই কাৰ্যক লৈ স্পেইনৰ বিভিন্ন সমাজসেৱী সংগঠন তেওঁৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে৷ তেওঁলোকৰ অভিযোগ– শাৰীৰিকভাৱে বিভিন্ন গঢ়ৰ খর্বকায় লোকক ভাৰাত আনি ব্যৱহাৰ কৰাটো গ্রহণযোগ্য নহয়৷ তেওঁলোকৰ মতে, কোনো মানুহকে এনেদৰে বিনোদনৰ বাবে ব্যৱহাৰ কৰা উচিত নহয়৷ কেইবাটাও সংগঠনে য়ামালৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ দিছে৷ স্পেইনৰ সামাজিক অধিকাৰ মন্ত্রালয়ক তদন্তৰো অনুৰোধ জনাইছে কেইবাটাও সংস্থাই৷ তেওঁলোকৰ অভিযোগ– য়ামালে দেশৰ প্রতিবন্ধী আইন উলংঘা কৰিছে৷ জন্মদিনৰ পার্টীত বিনোদনৰ মাধ্যম হিচাপে খর্বকায় মানুহক ব্যৱহাৰ কৰা কার্যক ভাল চকুৰে চোৱা নাই স্পেইনৰ প্রশাসনে৷ য়ামালৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰিব পাৰে একাধিক চৰকাৰী বিভাগে৷
উল্লেখ্য যে পার্টীত ভিডিঅ’ কৰা আৰু ফোন লগত নিয়া পূর্বেই নিষিদ্ধ কৰা হৈছিল৷ পার্টীৰ প্রায় সকলো কথা গোপনে ৰখা হৈছিল৷ তৎসত্ত্বেও সামাজিক মাধ্যমত কিছু ভিডিঅ’ প্রকাশ পোৱাত খর্বকায় মানুহক বিনোদনৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা ঘটনা পোহৰলৈ আহিছে৷