নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্বি ড্রাগছ ! আমেৰিকাৰ ৰাজপথত বৃদ্ধি অর্ধমৃত মানুহৰ সংখ্যা

🔹 ভয়াৱহ জাইলাজিনৰ ৰমৰমীয়া ব্যৱসায় সৰবৰাহকাৰী চক্রৰ

বিশেষ বাৰ্তা, ৪ মে’ : হলীউডৰ ছবিৰ দৰে আমেৰিকাৰ ৰাস্তা–ঘাটত দেখিবলৈ পোৱা গৈছে অর্ধমৃত মানুহ৷ কেতিয়াবা দাঁত–মুখ চেপি থকা অদ্ভুত প্রকৃতিৰ মানুহ, কেতিয়াবা আকৌ ভিৰৰ মাজতেই সংজ্ঞাহীন অৱস্থাত থিয় হৈ থকা মানুহ৷ মুঠতে মানুহ যেন হৈ পৰিছে পশুৰ দৰে৷ এই অদ্ভুত প্রকৃতিৰ মানুহবোৰ আচলতে এবিধ ড্রাগ্ছৰ চিকাৰ৷ বিভিন্নজনৰ মতে এয়া ‘জম্বি ড্রাগ্ছ’৷ ইয়াক সেৱন কৰিলে লগে লগে সুস্থ হৈ উঠে মানুহ আৰু ইয়াৰ মোহৰ পৰা কিছু সময় আঁতৰিলে অচেতন জগতত হেৰাই যাব পাৰে৷ ইচ্ছাকৃতভাৱে আমেৰিকাত এনেদৰে অচেতন জগতত হেৰাই যোৱা পুৰুষ–নাৰীৰ সংখ্যা বৃদ্ধি পাইছে৷ অকল আমেৰিকাই নহয়, ইংলেণ্ডৰ ৰাজপথতো দেখিবলৈ পোৱা গৈছে ‘জম্বি মানুহ’৷ বিশেষ ধৰণৰ ড্রাগ্ছৰ ডজৰ বাবেই কেতিয়াবা পশুৰ দৰে, কেতিয়াবা আকৌ উন্মাদৰ দৰে আচৰণ কৰে তৰুণ–তৰুণীসকলে৷ লক্ষণীয় যে এই ড্রাগ্ছ সেৱনৰ ক্ষেত্রত নিজৰ ওপৰত নিয়ন্ত্রণ নাথাকে৷ মস্তিষ্কই কর্ম ক্ষমতা হেৰুৱাই পেলায়৷ আনকি এনে ড্রাগ্ছ গ্রহণ কৰা লোকসকলৰ শৰীৰৰ চামৰা পচি যাবলৈ ধৰে৷ বিকৃত হৈ পৰে চকু–মুখ৷ কম বয়সীয়াসকলৰ বহুতৰে মৃত্যু হৈছে এই ড্রাগ্ছৰ কবলত৷ চিকিৎসকসকলে দাবী কৰা অনুসৰি, মৃত লোকসকলৰ তেজত নির্দিষ্ট ড্রাগ্ছৰ উপাদান ধৰা পৰিছে৷ এই ভয়ংকৰ ঔষধ বা ড্রাগ্ছবিধৰ নাম হৈছে জাইলাজিন৷ ইয়াক আচলতে পশুৰ চিকিৎসাৰ ক্ষেত্রত ব্যৱহাৰ কৰা হয়৷ গৰু আৰু ঘোঁৰাৰ বাবে ট্রাংকুলাইজাৰ হিচাপে প্রয়োগ কৰা হয় জাইলাজিন৷ অভিযোগ অনুসৰি ড্রাগ্ছ সৰবৰাহকাৰীসকলে ইয়াক অবৈধভাৱে ড্রাগ্ছত মিহলাই দিছে৷ হেৰ’ইনৰ ভিতৰতো ইয়াক মিলাই দিয়া হৈছে বুলি অভিযোগ উঠিছে৷ ইয়াৰ ফলত ড্রাগ্ছ সেৱনকাৰীসকলে যিকোনো মুহূর্ততে সংজ্ঞা হেৰুৱাই পেলায়৷ সাংঘাতিক নিচাত বিকৃত আচৰণ কৰিবলৈ লয় তৰুণ–তৰুণীসকলে৷ এই ড্রাগ্ছ গ্রহণ কৰি দুঃসাহসী হৈ বহুতেই চিৰনিদ্রাত পৰিবলগীয়া হৈছে৷

You might also like