নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় কামোৰে মহে? আছে ৫টা কাৰণ…

নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ  বতৰ সলনি হোৱাৰ লগে লগে মহৰ পুনৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰিছে। বিশেষকৈ সন্ধিয়াৰ ভাগত মহৰ প্ৰকোপ বৃদ্ধি পায়। কিন্তু দেখা যায় কিছুমান মানুহক মহে আনৰ তুলনাত বেছিকৈ কামোৰে। কিয় এনে হয় জানেনে? ব্যক্তি বিশেষে মহে আক্ৰমণ কৰে নেকি? জানো আহক ইয়াৰ কাৰণ-

মেটাবলিক ৰেটঃ শৰীৰৰ মেটাবলিক ৰেট এটা জটিল বিষয়। ই শৰীৰৰ দ্বাৰা এৰি দিয়া কাৰ্বন ডাই অক্সাইডৰ পৰা নিৰ্ধাৰিত হয়। কাৰ্বন ডাই অক্সাইডৰ গোন্ধে মহক মানৱ শৰীৰৰ প্ৰতি আকৰ্ষণ কৰে। মাইকী মহৰ নিজৰ গোন্ধ ল’ব পৰা ক্ষমতা থকা বাবে কাৰ্বন ডাই অক্সাইডৰ গোন্ধ চিনি পায়। এক অধ্যয়ন মতে, গৰ্ভৱতী মহিলাই সাধাৰণ মানুহৰ তুলনাত ২০ শতাংশ বেছি কাৰ্বন ডাই অক্সাইড এৰি দিয়ে, যাৰ বাবে গৰ্ভৱতী মহিলাক বেছিকৈ কামোৰে।

ছালত বেক্টেৰিয়াঃ আপুনি জানেনে আপোনাৰ ছালত বহু প্ৰকাৰৰ বেক্টেৰিয়া লুকাই থাকে। কিন্তু প্ৰকৃততে ই ইমান বেয়া কথা নহয়। কিন্তু ই মহক আপোনাৰ ওচৰলৈ আহিবলৈ নিমন্ত্ৰণ দিব পাৰে। এক গৱেষণাত দাবী কৰিছে যে মহৰ কিছুমান বিশেষ প্ৰকাৰৰ বেক্টেৰিয়া থকা মানুহক পছন্দ কৰে। যি সকল লোকৰ ছালত বহু প্ৰকাৰৰ বেক্টেৰিয়া থাকে, তেওঁলোকক মহে কম আক্ৰমণ কৰে।

তেজৰ গ্ৰুপঃ বিভিন্ন প্ৰকাৰৰ তেজৰ গ্ৰুপ থকা মানুহক মহে আক্ৰমণ কৰে। বিশেষকৈ o গ্ৰুপৰ তেজ থকা লোকৰ প্ৰতি বেছিকৈ মহ আকৰ্ষিত হয়। তাৰ পাছত আহে a গ্ৰুপৰ তেজ থকা লোক। মুঠৰ ওপৰত এই দুয়োটা তেজৰ গ্ৰুপ থকা লোকক মহে চুম্বকৰ দৰে আকৰ্ষণ কৰে।

সাধাৰণ ৰঙৰ কাপোৰঃ মহ সাধাৰণতে খেলপথাৰৰ আশে-পাশে বেছিকৈ থাকে। মহে মানুহৰ ওচৰ পাবলৈ দৃষ্টি আৰু গোন্ধৰ সহায় লয়। ইয়াৰ পৰা বাচিবলৈ সাধাৰণ পাতল ৰঙৰ কাপোৰৰ পিন্ধি বাহিৰলৈ ওলাই আহিব লাগে।

গা ধুব লাগেঃ মহে মানৱ শৰীৰৰ ঘাম আৰু লেক্টিক এচিড বহুত ভাল পায়, যাৰ বাবে ঘৰ্মাক্ত শৰীৰৰ লোকে সোনকালে গা ধুব লাগে।

বিয়েৰ খোৱাৰ পৰা বিৰত থাককঃ এক অধ্যয়নৰ মতে মহে বিয়েৰ খোৱা লোকক বহুত ভাল পায়, যাৰ বাবে বিয়েৰ খোৱা লোকসকলে মহ প্ৰতিৰোধী বস্তু ব্যৱহাৰ কৰিব লাগে।

You might also like