নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰায় ৬-৭ বছৰ ধৰি মাত-বোল নাছিল আমিৰ আৰু জুহিৰ, আপুনি জানেনে কিয়?

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ প্ৰায় একে সময়তে ৰূপালী পৰ্দাত ভুমুকি মাৰিছিল দুয়োজন অভিনেতাই। সেই সময়ৰ পৰাই আমিৰ খান আৰু জুহি চাওলাৰ বন্ধুত্বৰ সম্পৰ্ক গাঢ় হৈ পৰিছিল। পাছলৈ এই বন্ধুত্ব আৰু অধিক গভীৰ হয়। কিন্তু ‘ইস্ক’ৰ শ্বুটিং চলি থকাৰ সময়তে তেওঁলোক দুয়োগৰাকীৰ বন্ধুত্ব এটা সৰু কাৰণৰ বাবে ফাট মেলিছিল। আনকি ৬-৭ বছৰ ধৰি তেওঁলোকৰ মাজত বাৰ্তালাপো বন্ধ হৈ পৰিছিল। পুৰণি স্মৃতি ৰুমন্থন কৰি এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আনিছে আমিৰ খানে।

আমিৰ খানে কয়, ‘ইস্কৰ শ্বুটিং কৰি থকা সময়ত মোৰ আৰু জুহিৰ মাজত এটা সৰু কথাতে মতানৈক্য হৈছিল। তেতিয়া মোৰ ইগ’টো অলপ বেছিয়েই আছিল। যাৰ বাবে মই তেওঁৰ সৈতে বাৰ্তালাপ নকৰাৰ সিদ্ধান্ত লৈছিলোঁ। মই তেওঁৰ পৰা নিজকে দূৰত ৰাখিবলৈ আৰম্ভ কৰিছিলোঁ। অৱশ্যে মই এইটো কিয় কৰিছিলো মই নিজেও নাজানো।’

You might also like