নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ মে’ৰ পৰা ভাৰতে লাভ কৰিব ৰাছিয়াৰ ক’ভিড ভেকচিন স্পুটনিক ভি

নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ   আগন্তুক ১ মে’ৰ পৰা ভাৰতে লাভ কৰিব পাৰে ৰাছিয়াই প্রস্তুত কৰা ক’ভিড ভেকচিন স্পুটনিক ভি৷ উল্লেখনীয় যে ইতিমধ্যে ভাৰতৰ পাঁচটাকৈ ভেকচিন প্রস্তুত সংস্থাৰ সৈতে ৰাছিয়াই এক চুক্তিত স্বাক্ষৰ কৰিছে৷ এই চুক্তি অনুসৰি এবছৰৰ ভিতৰত ৰাছিয়াৰ এই স্পুটনিক ভি ভেকচিন পর্যাপ্ত হাৰত প্রস্তুত কৰা হ’ব ভাৰতৰ অভ্যন্তৰত৷ এবছৰত ভাৰতত ৮৫০ নিযুত ড’জ স্পুটনিক ভি ভেকচিন প্রস্তুত কৰা হ’ব বুলি ইতিমধ্যে স্পষ্ট কৰিছে ৰাছিয়াই৷

এই ভেকচিনৰ প্রথম বেটছ ১ মে’ত সম্পূর্ণ হৈ উঠিব বুলি ৰাছিয়ান ডিৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ড (আৰ ডি আই এফ)ৰ তৰফৰ পৰা আশা প্রকাশ কৰা হৈছে৷ আৰ ডি আই এফৰ মুৰব্বী কিৰিল ডিমিট্রিভৰ বক্তব্যৰ উদ্ধৃতি দি সংবাদ সংস্থা ৰয়টাৰে ইতিমধ্যে প্রকাশ কৰিছে যে স্পুটনিক ভি ভেকচিন ১ মে’ৰ পৰা ভাৰতে লাভ কৰাৰ ১০০ শতাংশই সম্ভাৱনা আছে৷ ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰৰ পৰা পৰিত্রাণ পাবলৈ ভাৰতক স্পুটনিক ভি ভেকচিনে বিশেষভাৱে উপকৃত কৰিব বুলিও ডিমিট্রিভে মন্তব্য কৰিছে৷

You might also like