নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এই ভুলবোৰৰ বাবে গৰ্ভৱতী হোৱাত বাধা আহি পৰে, আপুনিও এই ভুল কৰে নেকি?

নিয়মীয়া বাৰ্তা ৩ এপ্ৰিলঃ  আমেৰিকাৰ Centers for Disease Control and Prevention নামৰ সংস্থাটোৱে দাবী কৰিছে যে ১০ শতাংশ মহিলা গৰ্ভধাৰণ কৰাৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। মহিলা সকলৰ গৰ্ভধাৰণ কৰিব নোৱাৰা ক্ষমতা কেৱল স্বাস্থ্য জনিত কাৰণেই নহয়, বৰ্তমানৰ জীৱনশৈলীৰ কিছুমান ভুলৰ বাবেও হ’ব পাৰে। তাৰে কেইটামান বিশেষ কাৰণ জনাব বিচাৰো যি কেইটাৰ কাৰণে মাতৃত্বৰ সুখৰ পৰা বঞ্চিত হ’ব পাৰে এগৰাকী মহিলাই।

অত্যাধিক মেদবহুলতাঃ স্ত্ৰীৰোগ বিশেষজ্ঞ সকলৰ মতে যদি কোনো মহিলা জোখতকৈ অধিক শকত হয় তেতিয়া গৰ্ভধাৰণৰ আগতে ক্ষীণাবলৈ চেষ্টা কৰিব লাগে। কাৰণ অত্যাধিক শকতৰ বাবে হৰমণৰ উতপাদনৰ ক্ষেত্ৰত প্ৰভাৱিত হ’ব পাৰে আৰু গৰ্ভৱতী হোৱাত বাধা আহিব পাৰে। কিছুমান মহিলাই অত্যাধিক শকতৰ বাবে ডিম্বাণুৱে ভালদৰে সক্ৰিয় হৈ নুঠে।

বেছি ক্ষীণকায় দেহাও বিপদজনকঃ যি দৰে অত্যাধিক শকতয়েও গৰ্ভধাৰণ কৰাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে , ঠিক সেইদৰে অধিক ক্ষীণ হোৱাৰ লগতে ওজন কম হলেও গৰ্ভধাৰণ কৰাৰ সমস্যা হ’ব পাৰে।

ধুমপান কৰিলেও বিপদঃ গৱেষক সকলে প্ৰকাশ কৰিছে যে ১৩ শতাংশ মহিলা ধুমপান কৰাৰ বাবেও গৰ্ভধাৰণ কৰাৰ ক্ষমতা হেৰুৱাই। ছিগাৰেটৰ ধুৱাই মহিলা আৰু পুৰুষৰ শৰীৰৰ হৰমণৰ লগতে ডিএনঅ নষ্ট কৰিব পাৰে।

মদ্যপান মাতৃ আৰু সন্তানৰ বাবে ক্ষতিকাৰকঃ যদি কোনো মহিলাই দৈনিক মদ্যপান কৰে তেতিয়া ই গৰ্ভধাৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ উপৰিও কোনো মহিলাই গৰ্ভৱতী হয় আৰু সেই সময়ত মদ্যপান কৰে তেতিয়া সময়তকৈ প্ৰথমে সন্তান প্ৰসৱৰ সমস্যা সৃষ্টি হ’ব পাৰে।

বৰ্ধিত বয়সেও মাতৃত্বৰ পৰা বঞ্চিত হ’ব পাৰেঃ সন্তান জন্ম দিয়াৰ উপযুক্ত বয়স ২৪ ৰ পৰা ৩৫ বুলি বিশেষজ্ঞ সকলে দাবী কৰে। কাৰণ ৩৫ বছৰৰ পিছত মহিলাৰ ডিম্বাশয়ৰ গুণাগুণ সমূহ নষ্ট হ’বলৈ ধৰে যাৰ বাবে গৰ্ভধাৰণ কৰিবলৈ অসুবিধাৰ সৃষ্টি হ’ব পাৰে।

You might also like