নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেওবাৰৰ পৰা পুনৰ নিৰ্বাচন প্ৰচাৰ কৰিব পাৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই

২৪ ঘণ্টালৈ হ্ৰাস ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিষেধাজ্ঞা

নিয়মীয়া বাৰ্তা ৩ এপ্ৰিলঃ  নিৰ্বাচন আয়োগে ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আৰোপ কৰা প্ৰচাৰৰ নিষেধাজ্ঞা ২৪ ঘণ্টালৈ হ্ৰাস । এতিয়া অহা ৪ এপ্ৰিল তাৰিখে নিৰ্বাচন প্ৰচাৰ কৰিব পাৰি হিমন্ত বিশ্ব শৰ্মাই।তৃতীয় পর্যায়ৰ নির্বাচনৰ বিজেপিৰ শেষৰখন হাইপ্রফাইল প্রচাৰ সভা জালুকবাৰী সমষ্টিৰ শুৱালকুছি শ্রীশ্রী মাধৱদেৱক্ষেত্রত ৪ এপ্রিলত অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে সমষ্টিটোৰ বিজেপিৰ প্রার্থী ড০ হিমন্ত বিশ্ব শর্মাই বর্তমানলৈকে জালুকবাৰীত এদিনো প্রচাৰ চলোৱা নাই৷ সমষ্টিটোৰ সমর্থকসকলে দিনে–নিশাই প্রচাৰ চলাই সমষ্টিটোৰ পৰা ড০ শর্মাক চতুর্থবাৰৰ বাবে সর্বাধিক ভোটত বিজয় সাব্যস্ত কৰাৰ লক্ষ্য স্থিৰ কৰিছে৷ উল্লেখ্য যে জালুকবাৰী সমষ্টিত প্রার্থী অবিহনে চলি আছে জোৰদাৰ প্রচাৰ৷ ড০ শর্মাই সমষ্টিটোত কৰা সর্বদিশৰ উন্নয়নৰ বাবেই এইটো সম্ভৱ হৈছে৷ এতিয়া এই সভাত উপস্থিত থাকিব হিমন্ত বিশ্ব শৰ্মা।

  উল্লেখ্য যে  বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰী সন্দর্ভত কৰা মন্তব্যৰ বাবে পৰৱর্তী ৪৮ ঘণ্টালৈ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্বাচনী প্রচাৰত নিষেধাজ্ঞা আৰোপ কৰিছিল ভাৰতীয় নির্বাচনী আয়োগে৷

আয়োগৰ এক নির্দেশনাত  কোৱা হৈছিল  যে ড০ হিমন্ত বিশ্ব শর্মাৰ আপত্তিজনক মন্তব্যৰ বাবে পৰৱর্তী ৪৮ ঘণ্টাপর্যন্ত মন্ত্রীগৰাকীৰ সকলো নির্বাচনী সভা–সমদল নিষিদ্ধ কৰা হৈছে৷ এই সময়ছোৱাত তেওঁ কোনো সভা সম্বোধন কৰিব নোৱাৰিব৷ লগতে নির্বাচন সম্পর্কীয় কোনো সাক্ষাৎকাৰ প্রিণ্ট, ইলেক্ট্রনিক মিডিয়া আৰু ছ’চিয়েল মিডিয়াত প্রদান কৰিব নোৱাৰিব৷ আয়োগৰ এই নির্দেশনাৰ প্রতি সন্মান জনাই ড০ শর্মাই  তেওঁৰ সকলো নির্বাচনী কার্যসূচী বাতিল কৰিছে৷ ছ’চিয়েল মিডিয়াযোগে মন্ত্রীগৰাকীয়ে শুকুৰবাৰে  নিশা এই কথা সদৰী কৰিছিল৷

You might also like