নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নালাগে কাৰ্ডঃ ফোনৰ জৰিয়তেই ATM ৰ পৰা উলিয়াব পাৰিব টকা, জানক এই পদ্ধতি

হঠাৎ ধনৰ প্ৰয়োজন হ’লে বেংকলৈ গৈ দীঘলীয়া শাৰী পাতি ধন লোৱা বা প্ৰয়োজনত এটিএমত কাৰ্ড স্ৱাইপ কৰা প্ৰণালী এতিয়াৰ পৰা পুৰণা হৈছে। কাৰণ এতিয়াৰ পৰা আপুনি ডেবিট কাৰ্ডখন লগত নাৰাখিলেও প্ৰয়োজনত এটিএমৰ পৰা টকা উলিয়াব পাৰিব। আপুনি মিজৰ ফোনটোৰ জৰিয়তেই সহজে এটিএমৰ পৰা টকা উলিয়াব পাৰে।

এটিএম কোম্পানী NCR কৰ্পোৰেচনে শেহতীয়াকৈ কাৰ্ডবিহীন নগদ ধন তোলাৰ বাবে ইউপিআইৰ (UPI) ওপৰত ভিত্তি কৰি এটা ব্যৱস্থা আনিছে। এই নতুন ব্যৱস্থাত ফোনৰ UPI পেমেণ্টৰ যিকোনো এপ যেনে Google Pay, Phone Pe, Amazon Pay , Paytm, BHIM ইত্যাদিৰ জৰিয়তে টকা উলিয়াব পাৰিব।

ইউ.পি.আই. এপৰ জৰিয়তে QR কোড স্কেন কৰি এটিএমৰ পৰা টকা উলিয়াব পাৰিব। চিটি ইউনিয়ন বেংকে ইতিমধ্যে এই বিশেষ সুবিধা সহ ১৫০০ এটিএম আপগ্ৰেড কৰিছে।

ডেবিট কাৰ্ড অবিহনে কেনেকৈ নগদ ধন উলিয়াব লাগে জানো আহক-

  • প্ৰথমে আপুনি আপোনাৰ স্মাৰ্টফোনত যিকোনো UPI পেমেণ্ট এপ্লিকেছন খুলিব লাগিব।
  • তাৰ পিছত QR কোডটো ATM স্ক্ৰীণত স্কেন কৰিব লাগিব।
  • আপুনি যিমান টকা উলিয়াব সেয়া ফোনৰ ইউ.পি.আই. এপত দিয়ক।
  • প্ৰচেছ বুটামত ক্লিক কৰি নিশ্চিত কৰক।
  • আপোনাৰ ৪ বা ৬ সংখ্যাৰ ইউ.পি.আই. পিন নম্বৰটো লিখিব লাগিব।
  • এটিএমৰ পৰা নগদ ধন ওলাই আহিব।

উল্লেখ্য যে বৰ্তমান এই সুবিধাৰ জৰিয়তে আপুনি সৰ্বাধিক ৫,০০০ টকাহে উলিয়াব পাৰিব।

You might also like