নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোন্ধাই নেকি আপোনাৰ জোতা? ঘৰুৱা উপায়েৰে নাইকিয়া কৰক গোন্ধ…

নিয়মীয়া বাৰ্তা ৮ ডিচেম্বৰঃ ৰাজ্যত এতিয়া শীতৰ প্ৰকোপ বৃদ্ধি পাইছে। চুৱেটাৰ, জেকেট টুপীকে ধৰি বহু লোকে জোতা পিন্ধে। কিন্তু জোতা পিন্ধাৰ পাছত বহু লোকৰ জোতাৰ পৰা গোন্ধ ওলোৱা দেখা যায়। জোতাযোৰ ৰাজহুৱা স্থানত খুলি কেতিয়াবা লজ্জিত হোৱাও দেখা যায়। অথবা কাৰ্যালয়ত বহি থাকোতেও জোতা খুলিলে এক লজ্জাজনক পৰিস্থিতিৰ সৃষ্টি হয় জোতা পিন্ধাজনৰ লগত।

কিন্তু আপুনি জানেনে কেইটামান ঘৰুৱা উপায়েৰে জোতাৰ গোন্ধ নাইকিয়া কৰিব পাৰি। কি উপায় জানো আহক।

  •  আপোনাৰ জোতাযোৰত অলপ বেকিং চ’ডা দিয়ক। পৰৱৰ্তী দিনত, জোতা পৰিষ্কাৰ কৰক আৰু পিন্ধি লওক। জোতাযোৰত কোনো গোন্ধ নাথাকিব। অৱশ্যে, চামৰাৰ জোতাত বেকিং চ’ডা ব্যৱহাৰ নকৰিব।
  • আপুনি পুৰণি মোজাত 2 চামুচ বেকিং চ’ডা বান্ধিব আৰু মোজাযোৰ আপোনাৰ জোতাত থৈ দিব। পৰৱৰ্তী দিনত সেইযোৰ মোজা পিন্ধক দেখিব গোন্ধ নাইকিয়া হৈ যাব।।
  • Sneakers জোতাৰ গোন্ধ নাইকিয়া কৰিবৰ বাবে কিছু নিমখ ছটিয়াওক। লং তেল অথবা লঙৰ টুকুৰা এটা তিয়াই আৰু ইয়াক নিশা জোতাযোৰত থৈ দিয়ক। ৰাতিপুৱা দেখিব জোতাৰ গোন্ধ নাইকিয়া হৈ যাব।
  • ৰুটীৰ পৰাও জোতাৰ গোন্ধ নাইকিয়া কৰিব পাৰি। ২ মিনিট সময় ধৰি গৰম পানীত ৰুটীখন থৈ দিয়ক। ঠাণ্ডা হোৱাৰ পিছত ৰুটীকেইটুকুৰা মান জোতাত থৈ দিয়ক। এঘণ্টাৰ পিছত ৰুটীৰ টুকুৰা আতঁৰাই জোতাযোৰ ভিতৰৰ পৰা চাফা কৰক দেখিব জোতাৰ গোন্ধ নাইকিয়া হৈ গৈছে।
You might also like