নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পোষ্ট অফিছত একাউণ্ট আছে যদি ১০ বাৰ চাওকঃ কিয়নো সলনি হৈছে নিয়ম, ভুল হ’লেই জৰিমনা

নিয়মীয়া বাৰ্তা ৮ ডিচেম্বৰঃ  পোষ্ট অফিছত ছেভিংচ একাউণ্ট আছে নেকি আপোনাৰ? তেন্তে সতর্ক থাকক। এতিয়াৰে পৰা গ্রাহকসকলৰ একাউণ্টত নূন্যতম আমানত (মিনিমাম বেলেন্স) নাথাকিলে জৰিমনা ভৰিব লাগিব।

কিয়নো নিম্নতম বেলেন্স বৃদ্ধি হৈছে। আপোনাৰ মিনিমাম বেলেন্স কম হ’লেই জৰিমনা ভৰিব লাগিব।

এতিয়াৰে পৰা, আপুনি পোষ্ট অফিছত সঞ্চয় একাউণ্টত কমেও ৫০০ টকা জমা কৰিব লাগিব। পূৰ্বে সেইটো আছিল মাত্ৰ ৫০ টকা।

উল্লেখ্য যে গ্ৰাহকসকলক ১১ ডিচেম্বৰ, ২০২০ লৈকে একাউণ্টত নিম্নতম ৫০০ টকা দাখিল কৰিবলৈ সময়সীমা বান্ধি দিয়া হৈছে।

নতুন নিয়মবোৰ অহা ১২ ডিচেম্বৰৰ পৰা বলবৎ হ’ব। যদি বিত্তীয় বছৰৰ শেষত নিম্নতম বেলেন্স ৫০০ টকাতকৈ কম হয়, তেন্তে একাউণ্টৰ পৰা ১০০ টকা মেনটেইনেন্স মাচুল পৰা কৰ্তন কৰা হ’ব।

ইণ্ডিয়া পোষ্টৰ ৱেবছাইটত এক বাৰ্তাত শুকুৰবাৰে কোৱা হৈছে যে- “ডাকঘৰৰ সঞ্চয় একাউণ্টত নিম্নতম বেলেন্স বজাই ৰখাটো এতিয়া বাধ্যতামূলক।”

You might also like