নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওজন বৃদ্ধি হৈছে নেকি? সাৱধান… নহ’লে হেৰুৱাব পাৰে বৈবাহিক আনন্দ

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ ওজন বৃদ্ধি আজি সময়ত এটা ডাঙৰ সমস্যা। জীৱন শৈলীত পৰিৱৰ্তন, ইচ্ছা মতে ফাষ্টফুড খোৱকে ধৰি নানা কাৰণত শৰীৰত চৰ্বি বৃদ্ধি হয়। ইয়াৰ ফলত কেৱল শাৰীৰিক সমস্য়াই নহয় যৌন জীৱনতো বাধাৰ সৃষ্টিৰ হ’ব পাৰে।

যৌন জীৱনৰ ক্ষেত্ৰত চৰ্বিযুক্ত শৰীৰে নানা সমস্যাৰ সৃষ্টি কৰিব পাৰে। অত্যাধিক মেদযুক্ত শৰীৰে যৌন জীৱনক কিভাৱে ক্ষতি কৰে জানো আহকঃ

টেষ্টটৰনৰ মাত্ৰা হ্ৰাসঃ শৰীৰত ওজন বৃদ্ধি হোৱাৰ কৰাৰ লগে লগে শৰীৰত গ্লোবিউলিনৰ পৰিমাণো বৃদ্ধি হয়। ই টেষ্টটৰনৰ নিঃসৰণ হ্ৰাস কৰে। আৰু ইয়াৰ ফলস্বৰূপে পুৰুষৰ যৌন আকাংক্ষাও হ্ৰাস পায়।

আত্মবিশ্বাসৰ হেৰুৱায়ঃ শৰীৰত মেদবহুলতা  বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত প্ৰায়ে আত্মবিশ্বাসৰ ওপৰত প্ৰভাৱ পেলায়। দৰাচলতে, ‘অধিক ওজন’ বৃদ্ধি হ’লে নিজৰ মনতে নেতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে আত্মবিশ্বাস হ্ৰাস পায়। ইয়াৰ বিপৰীতে, সুস্থ আৰু উৎকৃষ্টমানৰ স্বাস্থ্যৱান  লোকসকলৰ মাজত এক অতিৰিক্ত আত্মবিশ্বাসে কাম কৰে। যিয়ে যৌনতাৰ বাবে অতিৰিক্ত উৎসাহো প্ৰদান কৰে।

যৌনাংগ শিথিলঃ ইতিমধ্যে কোৱা হৈছে যে ওজন বৃদ্ধি হোৱাৰ লগে লগে টেষ্টটৰন নিঃসৰণ হ্ৰাস পায়। ফলস্বৰূপে, লিংগ শিথিলতাৰ দৰে সমস্যা হয়। দৰাচলতে, যেতিয়া ওজন বৃদ্ধি হ’বলৈ আৰম্ভ কৰে, যৌনাংগত তেজৰ প্ৰবাহ কম হয়। কেৱল পুৰুষেই নহয় মহিলাও ইয়াৰ ফলত সমস্যাত পৰে।

গতিকে ওজন বৃদ্ধি হোৱা দেখিলেই ব্যায়ামকে ধৰি সাৱধানতাসমূহ গ্ৰহণ কৰিব লাগে। অন্যথা চৰম হতাশাত ভুগিব লগা লগা হ’ব পাৰে।

You might also like