নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেহা কক্কৰৰ Auditionত কিয় নিজক নিজে চৰিয়াইছিল অনু মালিকে?

বলীউড মানেই যেন এতিয়া নেহা কক্কৰ গীত। নেহা কক্কৰ বৰ্তমান সময়ত বলীউডৰ জনপ্ৰিয় গায়িকা। নেহাৰ গান মানেই হিট। এতিয়ালৈকে নেহাই বহুকেইটা জনপ্ৰিয় গীতত কণ্ঠ নিগৰাইছে।

বৰ্তমান নেহা Indian Idol ১২ ছিজনৰ বিচাৰক। কিন্তু এটা সময়ত নেহা কক্কৰ আছিল ইণ্ডিয়ান আইডলৰ এগৰাকী প্ৰতিযোগী। Indian Idol-2 ভাগ লৈ প্ৰথম পৰ্যায়তে শ্ব’ৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল নেহা।

উল্লেখ্য যে নেহা কক্কৰে অনুষ্ঠানত গোৱা ‘এইচা লগতা হ্যে’ শীৰ্ষক গীত শুনি বিচাৰকৰ আসনত সেইসময়ত বহি থকা সংগীত পৰিচালক অনু মালিকে নিজকে নিজে চৰিয়াইছিল। লগতে নেহাৰ নিৰাশজনক প্ৰদৰ্শনত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল চনু নিগম আৰু ফাৰাহ খানেও।

নেহাৰ গীত শুনি অনু মালিকে কৈছিল, নেহা তোমাৰ কণ্ঠ শুনি এনে লাগিছে যেন, নিজকে নিজে মই চৰ মাৰো।

You might also like