নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ লুকুৱাব নিবিচৰা লোকৰ বাবে মাস্কত মুখ অংকন কৰি সমাদৰ লভা এগৰাকী শিল্পী

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ বিশ্বত ক’ৰোনা মাহামাৰীৰ প্ৰকোপ বৃদ্ধি হোৱাৰ লগে লগে মানুহে ব্যৱহাৰ কৰিবলৈ ল’লে মাস্ক বা মুখা। ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ বাবে অৱলম্বন কৰা হৈছে এই উপায়। বিশ্বৰ প্ৰায় প্ৰতিখন দেশে বাধ্যও কৰিছে নাগৰিকক মাস্ক পৰিধান কৰিবলৈ। কোনো কোনো দেশে জৰিমনা বিহাৰ উপৰি কোনো দেশে প্ৰদান কৰিছে কঠোৰতম শাস্তি। এনে অৱস্থাত মাস্ক পিন্ধাটো হৈ পৰিছে বাধ্যতামূলক।

কিন্তু মাস্ক পিন্ধাৰ বাবে আহি পৰে এটা বিশেষ সমস্যা। সেয়া হ’ল চিনিব নোৱাৰি কোনো লোককে। সমান্তৰালভাৱে নিজৰ সুন্দৰ মুখখন প্ৰদৰ্শনো কৰিব নোৱাৰি। ইয়াৰ উপৰি মাস্কৰ সুবিধা লৈ বহুতে সংঘটিত কৰিব পাৰে দুষ্কৃতিমূলক কাৰ্য। কিন্তু এই সকলো সমস্যা সমাধান কৰিলে ব্ৰাজিলৰ এগৰাকী শিল্পীয়ে।

জৰ্জ ৰোৰিজ নামৰ ৬৫ বছৰীয়া এই শিল্পীগৰাকীয়ে মাস্কখনত অংকন কৰে মাস্কে ঢাকি ৰখা মানুহৰ মুখৰ একাংশ। নিখুঁতভাৱে কৰা অংকনৰ ফলত কোনো লোকে মাস্কখন পিন্ধিলে তেওঁৰ নিজৰ মুখখন সম্পূৰ্ণৰূপে প্ৰদৰ্শিত হয়। গতিকে মাস্ক পিন্ধি নিজকে লুকাব নিবিচৰা লোকে ৰোৰিজৰ দ্বাৰা মাস্কত অংকন কৰাই ল’ব পাৰে মুখাংশ। বাতৰি সংস্থা ৰয়টাৰ্ছে ৰোৰিজৰ শিল্পকৰ্ম দেখি অতি প্ৰশংসা কৰে আৰু কয় যে মাস্কত অংকন কৰা শিল্প অতি নিখুঁত।

You might also like