নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

MDHৰ সঞ্চালক ধৰ্মপাল গুলাটীৰ নিধন

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ  ভাৰতীয় বিজ্ঞাপন জগতত এটা বিজ্ঞাপন খুবেই জনপ্ৰিয়। বিজ্ঞাপনটো আছিল এম ডি এইচৰ মছলাৰ। বিজ্ঞাপনটোত নিজেই অভিনয় কৰিছিল এম ডি এইচ মছলাৰ সঞ্চালক ধৰ্মপাল গুলাটীয়ে। দৰ্শকৰ মাজত বিপুল জনপ্ৰিয় আছিল বিজ্ঞাপনটো। কিন্তু আজি পুৱা এম ডি এইচ মছলাৰ সঞ্চালক  ধৰ্মপাল গুলাটীয়ে দিল্লীৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত গুলাটীৰ বয়স আছিল ৯৮ বছৰ।

১৯২৩ চনৰ ২৭ মাৰ্চত তেতিয়াৰ পাকিস্তানৰ শিয়ালকোটত গুলাটীৰ জন্ম হৈছিল। ভাৰত পাক বিভাজনৰ পিছত গুলাটী দিল্লীলৈ আহে আৰু নিজৰ ব্যৱসায় আৰম্ভ কৰে।

You might also like